4th Srimanta Sankardeva Sangha Session: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত চুৰিকাণ্ড

যোৰহাট,৮ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি তৃতীয়টো দিনা(4th Srimanta Sankardeva Sangha Session)। উদুলি-মুদুলি হৈ পৰিছে ম’হবন্ধাৰ সোণাৰাম চুতীয়া ক্ষেত্ৰ।ভকত-বৈষ্ণৱৰ মাজত পাৰ ভগা উছাহ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱ, আইমাতৃৰ সমাগম। লাখ লাখ ভক্তৰ সাংস্কৃতিক বিশাল শোভাযাত্ৰা।তাৰ মাজতে একাংশ দুষ্ট চক্ৰয়ে সংঘটিত কৰিছে চুৰিকাণ্ড(Burglars Target Eralli Field, Venue of 94th Srimanta Sankardeva Sangha Session)।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন চলি থকা সময়তে সংঘটিত হয় এক চুৰি কাণ্ড।মহিলা চুৰে চুৰ কৰি নিয়ে আন এগৰাকী মহিলাৰ বেগ।
ধুবুৰীৰ পৰা অহা মণিকা ৰাজবংশী নামৰ এগৰাকী মহিলাৰ বেগ চুৰ কৰি নিয়ে মহিলা চুৰে। বেগত আছিল নগৰ ১০০০০/-টকা ,ATM কাৰ্ড, পাণ কাৰ্ড আৰু অন্যান্য নথিপত্ৰ।
মহিলা চুৰ গৰাকীক প্ৰত্যক্ষ কৰে যদিও লোকে লোকাৰণ্য এৰালতলী পথাৰত ভিৰৰ সুযোগ লৈ পলায়ন কৰে মহিলা চুৰ গৰাকী। কণ কণ তিনিটি সন্তান লয় বিমোৰত পৰে ধুবুৰীৰ পৰা অহা মহিলা গৰাকী।