Bura Chapori Wildlife Sanctuary : উচ্ছেদৰ পাছত বুঢ়াচাপৰিৰ বাবে ভাল খৱৰ

ৰূপহীহাট, ১৬ নৱেম্বৰ : উচ্ছেদৰ পাছত বুঢ়াচাপৰিৰ বাবে ভাল খৱৰ ৷ বুঢ়াচাপৰি অভয়াৰণ্যত মুকলি হ’ল হাতী চাফাৰী ৷ অভয়াৰণ্যখনক দিয়া হ’ব পূৰ্ণাংগ ৰূপ(Bura Chapori Wildlife Sanctuary)।
আজিৰে পৰা বুঢ়াচাপৰি অভয়াৰণ্যত মুকলি হ’ল হাতী চাফাৰী । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে মুকলি কৰে হাতী চাফাৰী(Elephant Safari)।
উল্লেখ্য যে, বুঢ়াচাপৰি অভয়াৰণ্যত উচ্ছেদৰ পিছত প্ৰথম বাৰৰ বাবে ফিটাকাটি আনুষ্ঠানিক বাবে মুকলি কৰিলে হাতী চাফাৰী।অভয়াৰণ্য খনক পৰ্যটকৰ বাবে পূৰ্ণাংগ ৰূপ দিবলৈ অহৰহ চেষ্টা বন বিভাগৰ।কাজিৰঙা ব্যগ্ৰ প্ৰকল্পৰ অধীনত অন্তৰ্ভূক্ত হোৱাৰ পিছৰে পৰা বুঢ়া চাপৰি অভয়াৰণ্যখনক নতুন ৰূপ দিবলৈ চেষ্টা বন বিভাগৰ।পৰ্যটকৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব বুঢ়াচাপৰি বন্য প্ৰাণী অভয়াৰণ্যৰ কর্তৃপক্ষই(Elephant Safari Open in Bura Chapori Abhayaranya)।