Local, Vocal, Global

Bokakhat Buffalo Attack : কাজিৰঙাৰ পৰা ওলাই অহা ম’হৰ আক্ৰমণত মৃত্যু মহিলাৰ

নিউজ ডেস্ক : এইবাৰ বনৰীয়া ম’হৰ আক্ৰমণত নিহত মহিলা ।কাজিৰঙাৰ পৰা ওলাই অহা ম’হৰ আক্ৰমণত মৃত্যু হয় মহিলাৰ(Bokakhat Buffalo Attack ) ।

দীৰ্ঘদিনৰ পৰা হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ কৰি আহিছে একাংশ ভুক্তভোগীয়ে। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত বন্যপ্ৰানী আৰু মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ লগতে নামি আহে বিভিন্ন প্ৰজাতিকৰ জীৱ-জন্তু । বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰানী(Buffalo attack at Bokakhat)।

এইবাৰ বনৰীয়া ম’হৰ আতংকৰ । বনৰীয়া ম’হৰ আক্ৰমণত নিহত মহিলা । বৃহস্পতিবাৰে পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলী বনাঞ্চলত সংঘটিত হৈছে এক শোকাবহ ঘটনাটো।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলী বনাঞ্চলত বনৰীয়া ম’হৰ আক্ৰমণত নিহত হৈছে এগৰাকী মহিলা।

জানিব পৰা মতে বনাঞ্চলৰ সমীপৱৰ্তী বেলগুৰি গাঁৱত বনৰীয়া ম’হে প্ৰায় ৪৫ বৰ্ষীয় এগৰাকী মহিলাক আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হৈ মৃত্যুমুখত পৰে। নিহত মহিলাগৰাকী বনাঞ্চলখনৰ সমীপৱৰ্তী বেলগুৰি গাঁৱৰ দীপা মুণ্ডা।

পুৱাই সংঘটিত হোৱা এই কৰুণ ঘটনাত শোকাহত হৈ পৰিছে স্থানীয় গঞা ৰাইজ। ইফালে এই ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰাৰ পাছতো ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।

লগতে পঢ়ক : Bhajan Lal Sharma to take oath as Rajasthan CM Tomorrow : শুকুৰবাৰে ৰাজস্থানৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান