Budget session of Parliament from January 31:৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন

নিউজ ডেস্ক,১৮জানুৱাৰী : ৩১ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন। ১ ফেব্ৰুৱাৰীত সংসদৰ অধিৱেশনৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব সাধাৰণ বাজেট। এই বাজেট অধিৱেশনতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অষ্টম বাজেট দাখিল কৰিব(Budget session of Parliament from January 31)।
১৩ফেব্ৰুৱাৰীলৈ চলিব বাজেট অধিৱেশৰ প্ৰথম সত্ৰ।দ্বিতীয় সত্ৰ ১০ মাৰ্চৰ পৰা চলিব ৪এপ্ৰিললৈ চলিব ।ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে সম্বোধন কৰিব উভয় সদনক।৩১ জানুৱাৰীৰ পুৱা ১১ বজাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ দুয়োখন সদনৰ যৌথ বৈঠকত ভাষণ প্ৰদান কৰিব(Parliament Session To Begin On January 31, Budget On February 1)।
সংসদৰ দুয়োখন সদনৰ যৌথ অধিৱেশনৰ পিছত দাখিল কৰা হ’ব অৰ্থনৈতিক জৰীপ। লোকসভা সচিবালয়ে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি এই তথ্য প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ এয়া হ’ব প্ৰথম বাজেট অধিবেশন।
লগতে পঢ়ক :Sensational incident: লোমহৰ্ষক, বিভৎস, পাশৱিক;প্ৰেমিকাক অপকৰ্ম কৰি প্ৰাণ ল’লে প্ৰেমিকে