Budget Session of Assam Assembly: আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন। প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হ’ব বাজেট অধিৱেশন।
দিছপুৰৰ সলনি কোকৰাঝাৰৰ BTR বিধান পৰিষদীয় ভৱনত অধিৱেশনৰ প্ৰথমটো দিন অনুষ্ঠিত হ’ব। অধিৱেশৰ পিছৰ কাৰ্যসূচী অসম বিধানসভাতে অনুষ্ঠিত হ’ব ।
এই অধিৱেশনৰ আৰম্ভণিৰ দিনটোত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব । মন্ত্ৰী, বিধায়ক, বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত ভিৰ বাঢ়িব কোকৰাঝাৰত । অৱশ্যে ভি আই পিৰ ভিৰ বাঢ়িলেও কোৰাঝাৰত বিলাসী গাড়ীৰ ভিৰ বৃদ্ধি নাপায় । কাৰণ মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি বিধায়কলৈকে জনপ্ৰতিনিধিসকলে ব্যৱহাৰ কৰা বিলাসী গাড়ীৰে কোকৰাঝাৰলৈ যাত্ৰা কৰাৰ পৰিৱৰ্তে তেওঁলোক আৰামদায়ক, বিলাসী, চার্টার্ড বাছৰহে যাত্ৰী হ’ব ।
অসম বিধানসভা সচিবালয় কর্তৃপক্ষই জনোৱা মতে, কোকৰাঝাৰলৈ বুলি যাত্ৰা কৰাৰ উদ্দেশ্যেৰে বিধানসভা কর্তৃপক্ষই চাৰিখনকৈ অত্যাধুনিক চার্টার্ড বাছ সাজু কৰিছে । অর্থাৎ দিছপুৰৰ পৰা বাছেৰে কোকৰাঝাৰলৈ যাব সকলো মন্ত্রী-বিধায়ক। ভি আই পি গাড়ী এৰি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগত একেখন বাছেৰে কোকৰাঝৰলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাও(Budget Session of Assam Assembly)।
উল্লেখ্য যে, পূৰ্বৰ পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে এইবাৰ বিধানসভাৰ প্ৰথম দিনটোৰ কাৰ্যসূচী দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ’ব । অৱশ্যে অধিৱেশনৰ পৰৱৰ্তী দিনকেইটা দিছপুৰ বিধানসভা সচিবালয়তে আগৰ সময় অনুসৰিয়ে অনুষ্ঠিত হ’ব ।
লক্ষণীয় বিষয় যে প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । এই অধিৱেশন উপলক্ষে প্ৰশাসনে সমগ্ৰ কোকৰাঝাৰ নগৰ নতুনকৈ সজাই-পৰাই তুলিছে । অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লৈ সকলো দিশ তদাৰক কৰিছে বিটিচিৰ মুৰব্বী বড়োৰ লগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।
লগতে পঢ়ক :Daily Horoscope for 16th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল