Local, Vocal, Global

Budding Assamese Musician Attacked by Roommate and Gang : উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক হত্যাৰ চেষ্টা

নিউজ ডেস্ক,৫আগষ্ট : দেওবাৰে নিশা ৰূক্মিণী গাঁৱৰ ভাড়াঘৰত সংঘটিত এই নৃশংস ঘটনা। উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক হত্যাৰ চেষ্টা। ৮-১০ জনীয়া গুণ্ডাবাহিনীয়ে হত্যাৰ অপচেষ্টা চলাই শিল্পীগৰাকীক। গুণ্ডাবাহিনীৰ নেতৃত্বত নিবিড় খাউণ্ড নামৰ এজন যুৱক থকা অভিযোগ(Budding Assamese Musician Attacked by Roommate and Gang)।

জানিব পৰা মতে, পূৰ্বে ৰুক্মীণীগাঁৱৰ ভাড়াঘৰটোতে ৰূমমেট হিচাপে আছিল দুয়োগৰাকী। ঘৰৰ ভাড়া দিয়াক লৈ দুয়োৰে মাজত প্ৰায়ে সৃষ্টি হৈছিল কাজিয়াৰ। কিন্তু দেওবাৰে নিশা সীমা চেৰাই গৈছিল নিবিড় খাউণ্ডে। আকাশ নিবিড়ক ৮-১০ জনীয়া গুণ্ডাবাহিনীয়ে ৰদেৰে প্ৰহাৰ কৰাৰ লগতে নিবিড় খাউণ্ডে হত্যাৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন হৈছে।

নিশা আকাশৰ পিতৃও আছিল ভাড়াঘৰটোত। পিতৃৰ সন্মুখতে আকাশ নিবিড়ক বেয়াকৈ প্ৰহাৰ কৰে গুণ্ডাবাহিনীয়ে। ইতিমধ্যে দিছপুৰ আৰক্ষীৰ কাষ চাপিছে উদীয়মান সংগীতশিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক(Budding Assamese Musician Attacked by Roommate and Gang in Guwahati)।

লগতে পঢ়ক : Two workers die of lack of oxygen : অক্সিজেনৰ অভাৱত মৃত্যু দুজনকৈ শ্ৰমিকৰ