Local, Vocal, Global

WATCH | Buddha Purnima: আজি বুদ্ধ পূৰ্ণিমা ! বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক গৌতম বুদ্ধৰ জন্ম জয়ন্তী

সোণাৰি,১২মে’ : আজি ২৫৬৯ তম বুদ্ধ জয়ন্তী।ৰাজ্যজুৰি পালন বুদ্ধ জয়ন্তী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চৰাইদেউ জিলাৰ অন্তৰ্গত চলাপথাৰ বৌদ্ধ বিহাৰত উদ্‌যাপন কৰিছে বুদ্ধ জয়ন্তী(Buddha Purnima)।

দেশৰ জৰুৰীকালিন পৰিস্থিতিৰ বাবে অহা চৰকাৰী নিৰ্দেশনা পালন কৰি কেৱল ধৰ্মীয় ৰীতি নীতিৰ মাজেদি পালন কৰা হয় বুদ্ধ জয়ন্তী। কার্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰ পিছতে প্ৰাৰ্থনা অনুষ্ঠিত হয় ।

বিশ্ব শান্তি কামনাৰ লগতে ভাৰত পাকিস্থানৰ সংঘৰ্ষত নিহত ভাৰতীয় সেনাৰ বীৰজোৱানসকলৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা কৰা হয় । চেন্নাইৰ ৩ গৰাকী বৌদ্ধ ভীক্ষুৰ লগতে মহাৰাষ্ট্ৰৰ ১৫ জনীয়া এটি দলো আজিৰ অনুষ্ঠানত উপস্থিত আছিল ।

লগতে পঢ়ক : WATCH | Panchayat Election Result :বৰক্ষেত্ৰী সমষ্টিৰ ৫৪ নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ মিত্ৰজোঁটৰ আঞ্চলিক পঞ্চায়ত প্ৰাৰ্থীৰ জয়লাভ