Local, Vocal, Global

BTR Accord Day:গোসাইগাঁৱত বিটিআৰৰ পঞ্চম সংখ্যক শান্তি চুক্তি উদযাপন

গোসাইগাঁও,২৭জানুৱাৰী : গোসাইগাঁৱত বিটিআৰৰ পঞ্চম সংখ্যক শান্তি চুক্তি উদযাপন। ইউ পি পি এল আৰু বিজেপি দলৰ যৌথ উদ্যোগত সহস্ৰাধিকৰ বাইক ৰেলী।

তৃতীয় বড়ো শান্তি চুক্তি পাঁচটা বছৰত ভৰি দিয়া উপলক্ষে আজি ইউ পি পি এল আৰু বিজেপি দলৰ গুমা ব্লক সমিতিৰ উদ্যোগত গোসাইগাঁৱৰ সত্যপুৰ ভিচিডিচি কাৰ্য্যলয়ৰ পৰা সহস্ৰাধিক ইউপিপিএল, বিজেপি, নেতৃবৰ্গ আৰু সমৰ্থকে বিশাল বাইক ৰেলী উলিয়াই বিটিআৰৰ পঞ্চম সংখ্যক শান্তি চুক্তি উদযাপন কৰে। বিশাল বাইক ৰেলী মুকলি কৰে বিটিআৰৰ কাৰ্য্যবাহী সদস্য সজল সিংহই।

উক্ত বাইক ৰেলী গুমাত পৰিভ্ৰমণ কৰে। আজিৰ এই দিনটোক শান্তি চুক্তি দিৱস হিচাপে পঞ্চম শান্তি চুক্তি দিৱস পালন কৰে। বিটিচি অঞ্চলত শান্তি প্ৰতিষ্ঠা হৈছে। এই স্থায়ী শান্তিৰ মূলতে বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ নেতৃত্বত শান্তি আহিছে।ইয়াৰে বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিচি প্ৰধানৰ ভূমিকা আছে। শান্তি, ঐক্য, প্ৰগতি উপলব্ধিৰে এই বাইক ৰেলী। বিটিআৰত সৰ্ব স্থৰত শান্তি স্থাপনেই বিটিআৰ চুক্তিৰ উদ্দেশ্য(BTR Accord Day)।

উল্লেখ্য যে, দীঘলীয়া আন্দোলনৰ প্ৰতিশ্ৰুতিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত এন ডি এফ বিৰ চাৰিটা গোট , নিখিল বড়ো ছাত্ৰ সন্থা আৰু সংযুক্ত বড়ো গণ মঞ্চৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰীত তৃতীয় বড়ো শান্তি চুক্তি নতুন দিল্লীত সম্পাদিত হৈছিল ৷

লগতে পঢ়ক :AASU General Body Meeting :শিৱসাগৰৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰত আছুৰ সাধাৰণ সভা