BTR Accord Day: বিটিআৰ চুক্তিৰ ৫বছৰ উপলক্ষে গোৰেশ্বৰৰ দেউলকুছিত বিশাল বাইক ৰেলী
গোৰেশ্বৰ,২৭জানুৱাৰী : বিটিআৰ চুক্তিৰ ৫বছৰ উপলক্ষে গোৰেশ্বৰৰ দেউলকুছিত বিশাল বাইক ৰেলী।
ইউ পিপিএলৰ উদ্যোগত অনুষ্ঠিত বাইক ৰেলীৰ ফ্লেগ অফ কৰে যুৱ ইউপিপিএলৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক ৰমিত স্বৰ্গীয়াৰীয়ে(BTR Accord Day)।
উল্লেখ্য যে ২০২০ চনৰ আজিৰ এই দিনটোতে নতুন দিল্লীত এবছুৰ উদ্যোগত এন ডি এফ বিৰ চাৰিটা গোট একত্ৰিত হৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিটিআৰ শান্তি চুক্তি সম্পন্ন কৰিছিল ।
দেউলকুছি বড়ো বজাৰত আৰম্ভ কৰা এই বাইক ৰেলী গোৰেশ্বৰস্থিত ইউ পি পিএলৰ কাৰ্যালয়ত সামৰণি পৰে। বাইক ৰেলীৰ পূৰ্বে বিটিআৰত শান্তি সম্প্ৰীতি অটুট থকাৰ বাবে এজোৰ পাৰ চৰাই উৰুৱাই গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিসদ পৱিত্ৰ কুমাৰ বড়োৱে । এই কাৰ্য্যসূচীত ইউপিপিএলৰ পাঁচশ কাৰ্যকৰ্তাই বাইকেৰে ৰেলী কৰে।
লগতে পঢ়ক :Excise Departments raids : গণৰাজ্য দিৱসৰ নিশাই সোণাপুৰৰ ধাবাত আবকাৰী বিভাগৰ অভিযান