Local, Vocal, Global

বিটিআৰৰ এগৰাকী শিক্ষকক নিলম্বন বিটিচি প্ৰধান প্ৰমোদ বড়োৰ, কাৰণ হ’ল…

নিউজ ডেস্ক : বিটিআৰৰ এগৰাকী শিক্ষকক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছৈ৷ বিটিচি প্ৰধান প্ৰমোদ বড়োৱে খোদ শিক্ষকজনক নিলম্বন কৰাৰ নিৰ্দেশ দিছে৷ আজি তামলপুৰ জিলাৰ দৰংগাজুলী সমষ্টিৰ মৰিয়মপুৰ গাঁও ভ্ৰমণ কৰে প্ৰমোদ বড়োৱে৷ ভ্ৰমণকালত মৰিয়মপুৰ গাঁৱৰ একমাত্ৰ স্কুল মৰিয়মপুৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয় প্ৰমোদ বড়ো। পুৱা ১১ বাজি ৩০ মিনিটলৈ বিদ্যালয়খনত শিক্ষক উপস্থিত নাছিল৷ বিভাগীয় কৰ্তৃপক্ষক তাৎক্ষণিক ভাৱে শিক্ষকজনৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। জানিব পৰা মতে, এঘণ্টাৰ ভিতৰতে বিদ্যালয়খনৰ একমাত্ৰ শিক্ষক অৰূপ শৰ্মাক বিভাগীয় কৰ্তৃপক্ষই নিলম্বন কৰে৷ বিদ্যালয়খনত বেলেগ শিক্ষক এজনক আজিয়েই নিযোগ কৰে। তাৎক্ষণিকভাবে লোৱা এনে পদক্ষেপক বিটিআৰ প্ৰধান প্ৰমোদ বড়োক প্ৰশংসা কৰিছে একাংশ লোকে।