Local, Vocal, Global

BSP leader shot dead in Chhatarpur : বহুজন সমাজ পাৰ্টীৰ (বিএছপি) নেতাক গুলীয়াই হত্যা

নেশ্যনেল ডেস্ক, ৫ মাৰ্চ : পুনৰ নেতাক গুলীয়াই হত্যা দুৰ্বৃত্তৰ । এইবাৰ মধ্যপ্ৰদেশৰ বিএছপি নেতাক গুলীয়াই হত্যা । সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো(BSP leader shot dead in Chhatarpur) ।

সোমবাৰে সন্ধিয়াই মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাত বিএছপি নেতাক গুলীয়াই হত্যা কৰে। মৃত লোকজনৰ নাম মহেন্দ্ৰ কুমাৰ গুপ্তা বুলি জানিব পৰা গৈছে(BSP Leader Shot Dead By Unknown Assailants in Chhatarpur) ।

জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় ৯:৩০ বজাত গজৰাজ পেলেচত গুপ্তাই বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনাটো।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ছত্ৰপুৰৰ আৰক্ষী অধীক্ষক অমিত সংঘীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰিছে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, মহেন্দ্ৰ গুপ্তা ঈশানগৰৰ পৰা ছত্ৰপুৰলৈ এখন বিবাহ অনুষ্ঠানত অংশ ল’বলৈ আহিছিল । ঘটনাটো সংঘটিত কৰিবলৈ অহা অপৰাধীকেইটাই পূৰ্বৰে পৰা বিয়াঘৰত তেওঁৰ অপেক্ষা কৰি আছিল ৷ তেওঁ মহেন্দ্ৰ গাৰ্ডেনৰ পৰা ওলাই অহাৰ লগে লগে তেওঁক আততায়ীয়ে নিচেই ওচৰৰ পৰা মূৰত গুলী মাৰে আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয় ।

উল্লেখ্য যে, মহেন্দ্ৰ গুপ্তা বিএছপিৰ অন্যতম শক্তিশালী নেতা আছিল ৷ ২০২৩ চনৰ নিৰ্বাচনত, বিএছপিয়ে তেওঁক বিজাৱাৰ বিধানসভাৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল । ইয়াৰ পূৰ্বে, তেওঁ ঈশানগৰৰ পঞ্চায়তৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । মহেন্দ্ৰ গুপ্তাই যোৱা কেইবাছৰ ধৰি বিএছপিৰ হৈ সক্ৰিয়ভাৱে কাম কৰি আহিছে ৷ তেওঁক জিলাখনৰ বিএছপিৰ শক্তিশালী নেতাসকলৰ ভিতৰত এজন বুলি গণ্য কৰা হয় (BSP Leader Mahendra Gupta Shot Dead In Chhatarpur, Accused On The Run)৷

লগতে পঢ়ক : BJP National President JP Nadda resigns as Rajya Sabha MP : হিমাচলৰ ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ