Local, Vocal, Global

BSF opens fire along Indo-Bangladesh border in Mankachar : BSFৰ গুলীচালনা, নিহত চোৰাং সৰবৰাহকাৰীৰ

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে আৰক্ষীৰ গুলীচালনাৰ ঘটনা । প্ৰায়েই শুনিবলৈ পোৱা যায় দুৰ্বৃত্তৰ প্ৰতি লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ।
পুনৰ ৰাজ্যত সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনাৰ ঘটনা । এইবাৰ চোৰাং সৰবৰাহকাৰী লৈ লক্ষ্য কৰি BSF ৰ গুলী চালনা(BSF opens fire along Indo-Bangladesh border in Mankachar, one dead) ।

মানকাচৰৰ ভাৰত-বাংলা সীমান্ততত এজন চোৰাং সৰবৰাহকাৰী লৈ লক্ষ্য কৰি BSF ৰ গুলী চালনা কৰে(BSF opens fire along Indo-Bangladesh border in Mankachar) । BSFৰ গুলীত নিহত হয় চোৰাং সৰবৰাহকাৰী জন। BSFৰ গুলীত নিহত হোৱা চোৰাং গৰু সৰবৰাহকাৰী মানকাচৰ থানা এলেকাৰ কুকুৰমাৰা গাঁৱৰ ২৬ বছৰীয়া ছাহিনুৰ ইছলাম বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, নিহত ছাহিনুৰ ইছলামে বুধবাৰে নিশা বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল। সেই সময়ত BSFৰ ছাহিনুৰক লক্ষ্য কৰি গুলীচালনা কৰে । সম্প্ৰতি ঘটনাটোক কেন্দ্ৰ কৰি কুকুৰমাৰা অঞ্চলত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে।

লগতে পঢ়ক :Tragic Road Accident in Gaurisagar : নিয়ন্ত্ৰণ হেৰুৱাই নৈশ বাছ সোমাল খালত