BSF Jawan Of Assam Passes Away : কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতনিৰ পথত ৰে’লতেই মৃত্যু BSF জোৱানৰ

নিউজ ডেস্ক,৫জুন : কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতনিৰ পথত ৰে’লতেই মৃত্যু BSF জোৱানৰ ।নিউ জলপাইগুৰিত সংঘটিত হৈছে এই অঘটনাটো ।
জানিব পৰা মতে, গুজৰাটৰ গান্ধীনগৰৰ ৭৪ বিএন বিএছএফত কৰ্মৰত আছিল মঙলদৈৰ কিচমত আলী নামৰ লোকজন(৫৯)।মঙলবাৰে কৰ্মস্থলীৰ পৰা ৰে’লৰে মঙলদৈৰ নিজ ঘৰলৈ আহি থকা অৱস্থাতে নিউ জলপাইগুৰিত ৰে’লতেই ঢলি পৰে । লগ লগে জোৱানজনক ৰে’ল আৰক্ষীয়ে চিকিৎসালয় লৈ যায় মৃত্যু হয় জোৱানজনৰ । ইয়াৰ পিচত জোৱানজনৰ মৃতদেহ স্থানীয় বি এছ এফ ১৬৯ নং বেটেলিয়নক গতাই দিয়ে । পিচত বিএছ এফে জোৱানজনৰ মৃতদেহ মঙলদৈ নগৰবাহী কানাই চুবাৰ পৰিয়ালৰ লোকক গতাই দিয়ে । এই খবৰ বিয়পি পৰাৰ লগে লগে নগৰবাহী গাঁৱত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়(BSF Jawan Of Assam Passes Away) ।
বুধবাৰে মঙলদৈ আৰক্ষী, প্ৰশাসন, বিএছ এফৰ উচ্চ পদস্থ বিষয়াসহ সহস্ৰাধিক স্থানীয় লোকৰ উপস্থিতিত জোৱানজনক সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে মোল্লাপাৰা কৱৰস্থানত কৱৰস্থ কৰা হয় । জোৱানজনে দুগৰাকী কন্য়া সন্তান আৰু এজন পুত্ৰক এৰি থৈ যায় । জোৱানজনৰ পুত্ৰজনক পৰিয়ালটোৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সেনা বাহিনীত নিয়োগ কৰিবলৈ ৰাইজে অনুৰোধ জনাইছে ।