Manipur violence : কুকি বিদ্ৰোহী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ, আহত বিএচএফ জোৱান

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : অশান্ত মণিপুৰৰ । শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি । পুনৰ মণিপুৰৰ পৰা আহিছে আন এক হিংসাত্মক ঘটনাৰ খবৰ(Manipur violence)। প্ৰায় প্ৰতিদিনে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনাই জোকাৰি গৈছে ৰাজ্যখন। পুনৰ মণিপুৰৰ পৰা আহিছে এক চাঞ্চল্যকৰ ঘটনাৰ খবৰ(BSF jawan injured in gun attack in Kakching district)।
কাকছিং জিলাৰ চুগ্নো অঞ্চলত শুকুৰবাৰে নিশা কুকি দুৰ্বৃত্তৰ ভয়াৱহ আক্ৰমণ । আবাসগৃহলৈ লক্ষ্য কৰি মৰ্টাৰ নিক্ষেপ দুৰ্বৃত্তৰ ।আজি পুৱাও চুগ্নোত কুকি বিদ্ৰোহী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষত এজন বিএচএফ জোৱান আহত। ইপিনে ৰাজ্যখনৰ কাংপকপি,চোৰাচান্দপুৰ আৰু পূৱ ইম্ফল জিলাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ।উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰ সমূহৰ মাজত আছে মেগজিন সহ একে-৪৭ ৰাইফল এটা,SMG কাৰ্বাইন দুটা,মেগজিন সহ কাৰ্বাইন মেচিন গান এটা,মেগজিন সহ 9mm পিষ্টল পাঁচটা,মেগজিন সহ SLR ৰাইফল এটা,হেণ্ড গ্ৰনেড তিনিটা আৰু চিংগেল বেৰেল ৰাইফল তিনিটা( Massive Cache Of Arms And Ammunition Including Sophisticated Weapons Seized In Peripheral Areas)।
জানিব পৰা মতে শনিবাৰৰ পুৱা প্ৰায় ৯ বজাত কুকি উগ্ৰপন্থীয়ে চুগনু আৰু চুৰাচান্দপুৰ সীমান্তত কৰ্তব্য পালন কৰি থকা অৱস্থাত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানলৈ গুলীচালনা কৰে ৷ ফলত এজন জোৱান আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত জোৱানজন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে । আহত জোৱানজন হিমাচল প্ৰদেশৰ সোম দত্ত বুলি জানিব পৰা হৈছে ।
লগতে পঢ়ক : Farmers’ protest enters Day 5 : আজি পঞ্চমটো দিনত প্ৰতিবাদকাৰী কৃষকসকলে ঘেৰাও কৰে বিজেপিৰ তিনি নেতাৰ বাসগৃহ