Local, Vocal, Global

BSF Dhruvjyoti was shot by Pakistani terrorists : জম্মুৰ ভাৰত-পাকিস্তান সীমান্তত সংঘৰ্ষ; গুলীবিদ্ধ বি‌এছ‌এফৰ জোৱান

নিউজ ডেস্ক,১২ছেপ্তেম্বৰ : জম্মুৰ ভাৰত-পাকিস্তান সীমান্তত সংঘৰ্ষ। সন্ত্ৰাসবাদীৰে সাহসেৰে যুঁজি গুলিবিদ্ধ ওদালগুৰিৰ সু-সন্তান ধ্ৰুৱজ্যোতি দাস। বুধবাৰে পুৱতি নিশা ২:৩০ মান বজাত ভাৰতত প্ৰৱেশ কৰা পাকিস্তানী সন্ত্ৰাসবাদীক সাহসেৰে প্ৰতিৰোধ কৰি গুলিবিদ্ধ সাহসী জোৱান জন। বৰ্তমান চিকিৎসাধীন হৈ আছে BSF জোৱান জন। ধ্ৰুৱজ্যোতি দাসৰ ঘৰ ওদালগুৰি চহৰৰ শঙ্কৰ নগৰত(BSF Dhruvjyoti was shot by Pakistani terrorists in Jammu)।

বিএছ‌এফৰ তৰফৰ পৰা দাবী কৰা অনুসৰি ঘটনাত পাক সন্ত্ৰাসবাদীও হতাহত হৈছে। বৰ্তমান ধ্ৰুৱজ্যোতিৰ অৱস্থা সংকটমুক্ত যদিও হাস্পতালত চিকিৎসাধীন হৈ আছে বিএছ‌এফ জোৱানজন(BSF Dhruvjyoti was shot by Pakistani terrorists)।

লগতে পঢ়ক : Road Accident in Dergaon : ডাম্পাৰ আৰু বাইকৰ মাজত সংঘৰ্ষ,আহত ২জন ছাত্ৰ