Local, Vocal, Global

Brutal Murder at Baghbar : বৰপেটাত ভূলুণ্ঠিত মানৱতা

নিউজ ডেস্ক, ২৯ জানুৱাৰী : এক হৃদয়বিদাৰক ঘটনা । বৰপেটাৰত পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল(Brutal Murder at Baghbar)।

পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা । বৰপেটাৰ বাঘবৰৰ মৌৰীগাঁৱত সংঘটিত হৈছে এই ঘটনাটো(Brutal Murder at Baghbar in Barpeta) ।

বৰপেটাৰ বাঘবৰৰ মৌৰীগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ ছয় বছৰীয়া শিশুৰ মৃতদেহ ৷ মৃত শিশুটো ইব্ৰাহিম আলীৰ কন্যা বুলি জানিব পৰা গৈছে(A six-year-old Girl become victim of Murder) ৷

মৃতদেহটো উদ্ধাৰ হয় মৌৰীগাঁৱৰ তাৰিফ উদ্দিন ওৰফে টিপু নামৰ লোকজনৰ ঘৰৰ চোতালত ।

উল্লেখ্য যে, বিগত পাঁচদিন ধৰি নিৰুদ্দেশ হৈ আছিল ইব্ৰাহিম আলীৰ কন্যা । কিন্তু সোমবাৰে তাৰিফ উদ্দিন ওৰফে টিপুৰ ঘৰৰ চোতালত বস্তাৰ ভিতৰত উদ্ধাৰ হয় কণমানিটোৰ মৃতদেহ । কণমানিটোৰ মূৰ আৰু হাতত আঘাতৰ চিন থকা বুলি জানিব পৰা গৈছে। ইফালে ঘটনাস্থলীত বৰপেটা জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসহ দণ্ডাধীশ উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে আৰক্ষীয়ে বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰে।

ইফালে আৰক্ষীযে ঘটনা সংঘটিত হোৱাৰ পিছতে তাৰিফ উদ্দিন ওৰফে টিপুসহ পৰিয়ালৰ সদস্যক আটক কৰে । বৰ্তমান ঘটনা সন্দৰ্ভত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ।

লগতে পঢ়ক : Land for Job scam case: ED ৰ কাৰ্যালয়ৰ সন্মূখত তীব্ৰ প্ৰতিবাদ; ৰাষ্ট্ৰীয় জনতা দলৰ সমৰ্থকৰ প্ৰতিবাদ