Brothers charred to death as massive fire engulfs house : ছয়গাঁৱৰ জাহিৰপুৰত শোকাৱহ ঘটনা; ঘৰত জুই লাগি শোৱাপাটীতে প্ৰাণ গ’ল দুই ভাতৃৰ
নিউজ ডেস্ক,৩০এপ্ৰিল : শোকাৱহ ঘটনা। ঘৰত জুই লাগি দুই ভাতৃৰ কৰুণ মৃত্যু।
মঙলবাৰে পুৱতি নিশা প্ৰায় ২ মান বজাত ছয়গাঁৱৰ জাহিৰপুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডৰ ফলত ঘৰত জুই লাগি দুই ভাতৃয়ে কৰুণ মৃত্যুক আকোৱালি লয়। মৃত্যু ভাতৃ দুজন সাজন আলী, সমেজ আলী বুলি জানিব পৰা গৈছে। ইফালে এই অগ্নিকাণ্ডৰ ফলত গুৰুতৰভাৱে আহত মাতৃ আঞ্জুৱাৰা বেগম নামৰ এগৰাকী মহিলা(Brothers charred to death as massive fire engulfs house) ।
এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপণ কৰে ৷ ইফালে এই ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে(Brothers charred to death as massive fire engulfs house in Goroimari) ৷
বৈদ্যুতিত শ্বৰ্ট-চাৰ্কিটৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷
উল্লেখ্য যে, অতি দৰিদ্ৰ বাহাদুৰ আলীৰ মাত্ৰ এটাই চৰকাৰী ঘৰ আছিল ৷ এটা ঘৰতে বসবাস কৰিছি চাৰিজনীয়া পৰিয়ালটো ৷
লগতে পঢ়ক : Union Home Minister Amit Shah holds a press meet in guwahati : বাজপেয়ী ভৱনত অমিত শ্বাহৰ সংবাদমেল