Local, Vocal, Global

Brokerage in the office of the Revenue Circle Officer: নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অব্যাহত আছে দালালৰ দপদপনি

৩১জানুৱাৰী ২০২৫,নগৰবেৰা: মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতো নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অব্যাহত আছে দালালৰ দপদপনি।দালালে যি কয় তাকেই কৰে একাংশ লাট মণ্ডলে। এই অভিযোগ এগৰাকী ভূক্তভোগীৰ। দালালৰ সহযোগত কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভূমি নামজাৰিৰ নামত জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী লোকে। অভিযোগ অনুসৰি, ৰাজহ চক্ৰৰ অন্তৰ্গত পলাহৰটাৰী গাঁওৰ ৩৪ নং পট্টাৰ ৫১২ দাগৰ ৯.৫ বিঘা মাটি জয়নাল আৰু হাফিজুদ্দিনৰ নামত নামজাৰি কৰা আছিল যদিও বিগত বৰ্ষত ৰহস্যজনকভাৱে নামজাৰিৰ পৰা জালিয়াতিৰে হাফিজুদ্দিনৰ নামটো কৰ্ত্তন কৰা হৈছে। দুগৰাকী দালালৰ সহযোগত লাট মণ্ডল বিশ্বজিৎ ৰয়ে জালিয়াতিৰে নামজাৰিৰ পৰা হাফিজুদ্দিনৰ নাম কৰ্ত্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগীয়ে। তদুপৰি হাফিজুদ্দিন নামৰ লোকজনৰ দাগৰ প্ৰায় ডেৰ বিঘা মাটি জয়নাল আৰু কাদেৰ আলী নামৰ দুজন লোকে অবৈধভাৱে দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে । ঘটনা সন্দৰ্ভত হাফিজুদ্দিনে নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লিখিতভাৱে অভিযোগ দিয়াৰ পাছতো ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে । সমগ্ৰ ঘটনাৰ তদন্ত সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চক্ৰ বিষয়াক দাবী জনাইছে ভুক্তভোগীয়ে।