ভাৰতত উপস্থিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন
নিউজ ডেস্ক, ২১ এপ্ৰিলঃ আজি ভাৰতত উপস্থিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। পুৱাই গুজৰাটৰ আহমেদাবাদত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী।
দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী। কেইবাটাও বিষয়ক লৈ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত বহিব বৰিছ জনছন। পুৱা বিমানবন্দৰত উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰীগৰাকীক।
ইয়াৰপিছতেই প্ৰধান মন্ত্ৰী বৰিছ জনছনে গুজৰাটৰ সৱৰমতী আশ্ৰমত উপস্থিত হয়। সৱৰমতী আশ্ৰমত উপস্থিত হৈ বৰিছ জনছনে যঁতৰ ঘুৰোৱাও দেখা যায়।
জাতিৰ পিতা মহাত্মা গান্ধীৰ আশ্ৰমত উপস্থিত হৈ ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে মহাত্মা গান্ধীৰ নীতি আৰু আদৰ্শৰ উচ্চ প্ৰসংশা কৰাৰ লগতে গান্ধীজীৰ অহিংস নীতিৰো শলাগ লয়।
“এজন অসাধৰণ ব্যক্তিৰ আশ্ৰমলৈ আহিব পোৱাটো মোৰ বাবে পৰম সৌভাগ্য, ইয়ালৈ আহি কেনেদৰে গান্ধীজীয়ে সত্য আৰু অহিংস নীতিৰে বিশ্বক ভালৰ দিশে আগবঢ়াই লৈ গৈছিল সেয়া অনুধাৱন কৰিব পাৰি অভিভূত হৈ পৰিছো,” প্ৰধান মন্ত্ৰী বৰিছ জনছনে এইদৰে মন্তব্য কৰে।