Local, Vocal, Global

Rishi Sunak arrives in Israel : ইজৰাইলত উপস্থিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮অক্টোবৰ : অব্যাহত আছে ইজৰাইল হামাজৰ যুদ্ধ( Rishi Sunak arrives in Israel) । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ বন্ধ হোৱাৰ নাম লোৱা নাই । ইজৰাইল আৰু হামাছৰ মাজত ১৩ দিন ধৰি ধাৰাবাহিক সংঘৰ্ষ অব্যাহত আছে।

বৰ্তমান ইজৰাইল-হামাছৰ যুদ্ধয়ে লৈছে বিধ্বংসী ৰূপ ৷ ইজৰাইল হামাজৰ সংঘৰ্ষত এতিয়ালৈকে ৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। মৃত হৈছে ১৮ জন সাংবাদিকৰ ৷ ইয়াৰে ১৪ গৰাকী পেলেষ্টাইনী সংবাদিক বুলি জানিব পৰা গৈছে ৷ ইফালে , গাজা পট্টীত ৩৫০০ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে(British PM Rishi Sunak lands in Tel Aviv amid ongoing Israel Hamas war) ।

ইজৰাইল-হামাছৰ সংঘৰ্ষৰ মাজতে বৃহস্পতিবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক ইজৰাইলত উপস্থিত হয়।

উল্লেখ্য যে, বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইল ভ্ৰমণলৈ গৈছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ইজৰাইললৈ গৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে যুদ্ধ সন্দৰ্ভত আলোচনা কৰে।
লগতে তেওঁ ইজৰাইলৰ সৈতে আছে বুলি কয় ।

তাৰ পিছতে আজি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক ইজৰাইল লৈ যায় । ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে বেঞ্জামিন নেতান্যাহু আৰু ৰাষ্ট্ৰপতি ইছহাক হাৰ্জোগক সাক্ষাৎ কৰিব।

প্ৰাপ্ত খবৰ অনুসৰি, আজি ঋষি ছুনাক ইজৰাইল ভ্ৰমণত প্ৰথমে ইজৰাইলৰ ৰাজধানী তেল আবিবত উপস্থিত হয়।

লগতে পঢ়ক : Journalist Death Toll In Hamas Israel War Reaches 18 : ইজৰাইল-হামাছৰ যুদ্ধৰ বিধ্বংসী ৰূপ;মৃত ১৮ জনকৈ সাংবাদিকৰ