Bridge connecting Assam-Arunachal border collapses : অসম-অৰুণাচল সীমান্তৰ মানশ্ৰী নৈৰ সোঁতে উটুৱাই নিলে মানশ্ৰী-চাৰিদুৱাৰ হৈ ৰঙাপৰা সংযোগী দলঙৰ এটা অংশ; ব্যাহত যাতায়ত ব্যৱস্থা
নিউজ ডেস্ক,৯জুন : অসম-অৰুণাচল সীমান্তৰ মানশ্ৰী নৈৰ প্ৰৱল সোঁতে উটুৱাই নিলে মানশ্ৰী-চাৰিদুৱাৰ হৈ ৰঙাপৰা সংযোগী পকী দলঙৰ এটি অংশ ৷ যাৰ বাবে বন্ধ হৈ পৰিছে যোগাযোগ ব্যৱস্থা ৷
প্ৰথমটো বাৰিষাতে এনেদৰে দলঙৰ এটি অংশ নৈখনৰ বাঢ়নি পানীয়ে উটুৱাই লৈ যায় ৷ মানশ্ৰী-চাৰিদুৱাৰ সংযোগী উক্ত দলং খনেৰে যোগাযোগ ব্যৱস্থা প্ৰায় বন্ধ হৈ পৰাত বিপাঙত পৰিছে কেইবাখনো গাঁৱৰ ৰাইজ(Bridge connecting Assam-Arunachal border collapses) ৷
লোকসভা নিৰ্বাচনৰ পূৰ্বে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী আশোক সিংঘালে যাতায়তৰ সুবিধাৰ অৰ্থে দলং খনত মাটি পেলাই মেৰামতি কৰি দিছিল যদিও প্ৰথমটো বাৰিষাতে দলঙখনৰ মেৰামতি কৰা অংশটো বাঢ়নি পানীয়ে উটুৱাই লৈ য়ায় ৷
দলঙখনৰ দুয়োকাষে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ বাবে পানীয়ে দলঙখনৰ অংশটি উটুৱাই নিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ দলঙখনেৰে যোগাযোগ ব্যৱস্থা বিচিন্ন হৈ পৰিলে কেইবাখনো বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰোগীক চিকিৎসাললৈ নিয়াত ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব ৷
কাৰণ চাৰিচকীয়া বাহনৰ অহা যোৱা বন্ধ হৈ পৰিছে ৷ অতি বিপদ সংকুল ভাৱে স্থানীয় ৰাইজ আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী সকল অহা যোৱা কৰিবলগীয়া হৈছে ৷ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী আশোক সিংঘালক অতিশীঘ্ৰে দলং খনৰ ভগ্ন অংশটি মেৰামতি কৰি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে(Bridge connecting Assam-Arunachal border collapses)।
লগতে পঢ়ক : People fascinated by an artist works: এগৰাকী ভাষ্কৰ্য্য শিল্পীৰ সৃষ্টিৰাজিয়ে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ