Bridge Collapse in Cachar : ৰুকনী নৈৰ ওপৰত থকা পকী দলং ভাঙি নৈত পৰিল তিনিখন বাহন

নিউজ ডেস্ক,১৪ছেপ্তেম্বৰ : কাছাৰৰ ধলাই ভাগাত ভয়ংকৰ দুৰ্ঘটনা ।শুকুৰবাৰে নিশা ভাগা-শেৰখান সংযোগী পথৰ ৰুকনী নৈৰ ওপৰত থকা পকী দলং হঠাৎ ভাঙি নৈত পৰে তিনিখন গাড়ী ।
জানিব পৰা মতে, কাছাৰৰ ধলাইত ভাগা-শেৰখান সংযোগী পথৰ নিৰ্মাণকাৰ্য চলি আছে । এই নিৰ্মাণস্থলীলৈ দুখন ডাম্পাৰে শিল কঢ়িয়াই লৈ যোৱাৰ সময়ত হঠাতে দলং খন ভাঙি নৈত পৰে বাহন । শিলভৰ্তি ডাম্পাৰ দুখন ৰুকনী নৈৰ ওপৰত থকা দলং পাৰ হোৱাৰ সময়তে সংঘটিত হয় এই ঘটনাটো(Bridge Collapse in Cachar)।
আনহাতে, দলংখন ভাঙি যোৱাৰ ফলত ডাম্পাৰ দুখনসহ নৈত পৰে দলঙত ৰখাই থোৱা এখন চিমেণ্ট বোজাই থকা ট্ৰাক । এই ভয়ংকৰ ঘটনাটোৰ পাচত অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় । লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ বিশাল বাহিনী ঘটনাস্থলীত উপস্থিত হয় ৷
ভয়ংকৰ এই দুৰ্ঘটনাটোৰ পাচত এজন ডাম্পাৰ চালক নিখোঁজ হৈ পৰে যদিও পিচত আৰক্ষীয়ে তেওঁক ডাম্পাৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে । ঘটনাটোত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হয় ।
আনহাতে, দুৰ্ঘটনাটোৰ খবৰ লাভ কৰি নিশাতেই ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয় শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই ।