Local, Vocal, Global

Bridge built illegally demolished in Jorhat: বৰৰৈয়া জানত অবৈধভাৱে নিৰ্মাণ কৰা দলং ভাঙি চূৰ্ণাকৃত

৩০ জানুৱাৰী ২০২৫ ,যোৰহাটৰ : যোৰহাটৰ পৰ্বতীয়া ৰাজহ গাঁৱত ৰৰৈয়া জানৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা পকী দলংখন ৩০ জানুৱাৰীত যোৰহাট জিলা প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত জে চি বি আৰু ফকলেনে ভাঙি চূৰ্ণাকৃত কৰিলে। উল্লেখ্য, সৰুচৰাই পৰ্বতীয়া গাঁৱৰ সন্তান, বৰ্তমান আমেৰিকাৰ নিৱাসী গোস্বামী পৰিয়ালৰ পৰা ভূ-মাফিয়া চক্ৰই বহু বিঘা ভূমি ক্ৰয়ৰ বাবে চুক্তি কৰি সেই ভূমিলৈ যাতায়াত কৰিবৰ বাবে সৰুচৰাই-চেঙেলিআটী পকী পথৰ পৰা উক্ত ভূমি খণ্ডলৈ যাতায়াত কৰিবৰ বাবে এটা কেঁচা পথ নিৰ্মাণ কৰাৰ লগতে বিভাগীয় অনুমতি বিহীনভাৱে সেই অংশৰে বৈ যোৱা ৰৰৈয়া জানটোৰ ওপৰত অতি ঠেককৈ পকী পুল সদৃশ এখন দলং নিৰ্মাণ কৰে।

অঞ্চলটোৰ পানী বৈ যোৱাত বাধা হোৱাৰ বাবেই এই জল প্ৰলয়ৰ সৃষ্টি হৈছিল। স্থানীয় সাংবাদিকসকলে অবৈধভাৱে নিৰ্মাণ কৰা পকী পুলটোৰ লগতে জলমগ্নৰ আলোকচিত্রৰে বাতৰিকাকতসমূহত বাতৰি পৰিৱেশন কৰাৰ লগতে যোৰহাট পশ্চিম ৰাজহ চক্ৰ বিষয়া আৰু জিলা আয়ুক্তক আলোকচিত্রসহ বাতৰিৰ প্ৰতিলিপিৰ লগতে লিখিতভাৱেও অৱগত কৰিছিল। ইফালে, এটা স্বেচ্ছাসেৱী সংগঠনেও জিলা আয়ুক্তক লিখিতভাৱে জনাইছিল। ৰাজহুৱা স্বাৰ্থজড়িত বিষয়টোত জিলা আয়ুক্তই সংশ্লিষ্ট বিভাগসমূহৰ দ্বাৰা অনুসন্ধান কৰাই পুল সদৃশ পকী দলংখন অবৈধভাৱে নিৰ্মাণ হোৱা বুলি প্ৰমাণিত হোৱাত যোৱা ২১ জানুৱাৰীত জিলা আয়ুক্তই উক্ত দলংখন ভাঙি পেলাবলৈ নিৰ্দেশ দিয়াৰ লগতে ভাঙি পেলোৱাৰ বাবদ হ’বলগীয়া সমুদায় খৰচ চৰকাৰী বেংক হিচাপত জমা দিবলৈ নিৰ্মাণকাৰী ব্যক্তি দুগৰাকীলৈ নিৰ্দেশ দিছিল। সেই নিৰ্দেশনাৰ অনুসৰি ২৮ জানুৱাৰীত সদলবলে স্থানীয় আৰক্ষী, জিলা প্ৰশাসনৰ লোক, গাঁওবুঢ়া আৰু যোৰহাট পশ্চিম ৰাজহ চক্ৰ বিষয়া উক্ত স্থলীত উপস্থিত হৈ জে চি বি-ৰে পকী পুল তথা দলংখন ভঙাৰ নাটক কৰিছিল।

ইফালে, নিৰ্মাণকাৰী ভূ-মাফিয়া ব্যক্তিকেইগৰাকীয়ে স্থানীয় অধিবক্তাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ সৈতে যোগাযোগ কৰি যোৰহাট জিলা আয়ুক্তই দিয়া নিৰ্দেশটো নাকচ কৰাৰ চেষ্টা চলাইছিল। সেয়ে ২৯ জানুৱাৰীত বিভিন্ন অজুহাত দেখুৱাই জিলা প্ৰশাসনৰ লোকে দলংখন ভঙাৰ বাবে কোনো ব্যৱস্থাই নকৰাত সন্ধিয়া সময়ত স্থানীয় সাংবাদিকে ৩০ তাৰিখৰ ভিতৰত আয়ুক্তৰ নিৰ্দেশমতে দলংখন ভঙাৰ ব্যৱস্থা নকৰিলে সকলো প্ৰচাৰ মাধ্যমৰ জৰিয়তে বাতৰি প্ৰকাশৰ পৰিকল্পনা কৰাৰ বিষয়ে সৰ্বত্ৰে মৌখিকভাৱে প্ৰচাৰ হোৱাত উপায়বিহীন হৈ নিশাই যোৰহাট পশ্চিম ৰাজহ চক্ৰ বিষয়াই জে চি বি আৰু ফকলেন লৈ উক্ত স্থানত উপস্থিত হয় আৰু দলং ভঙাৰ কাৰ্য আৰম্ভ কৰে।

শেষত আয়ুক্তৰ নিৰ্দেশনাটোত উল্লেখ থকা দিনটোৰ বিয়লিৰ সময়ত ৰৰৈয়া জানত অবৈধভাৱে ভূ-মাফিয়া চক্ৰই নিৰ্মাণ কৰা পকী পুল সদৃশ দলংখন ভাঙি চূৰ্ণাকৃত কৰাত অঞ্চলটোৰ ৰাইজে জিলা যোৰহাট জিলা আয়ুক্তৰ লগতে স্বেচ্ছাসেৱী সংগঠনটো আৰু স্থানীয় সাংবাদিকসকলক ধন্যবাদ জনাইছে