Local, Vocal, Global

Watch | Branch manager of the Demow Central Bank, Birendra Kumar, arrested for taking bribes: উৎকোচ লৈ আটক নলবাৰী ধমধমাৰ চেন্ট্ৰল বেংকৰ শাখা পৰিচালক বীৰেন্দ্ৰ কুমাৰ

নলবাৰী: উৎকোচ লৈ আটক নলবাৰী ধমধমাৰ চেন্ট্ৰল বেংকৰ শাখা পৰিচালক।

সন্ধিয়াৰ পৰা নিশা প্ৰায় ২-২০ বজালৈ তদন্তৰ অন্তত আটক বেংক বিষয়াক।

ধমধমাৰ চেন্ট্ৰল বেংকৰ শাখা পৰিচালক বীৰেন্দ্ৰ কুমাৰক উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে আটক কৰে CID য়ে।

জানিব পৰা মতে ,পৰিচালক গৰাকীয়ে এগৰাকী গ্ৰাহকক ঋন প্ৰদানৰ নামত পাঁচ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে আটক কৰে ।

সন্ধিয়াৰ পৰা তদন্তকাৰী দলটোৱে তদন্ত আৰম্ভ কৰি নিশা প্ৰায় ২-২০ বজাত আটক কৰি লৈ যায় বেংক বিষয়া গৰাকীক।

তদন্তকাৰী দলটোৰ লগতে অভিযুক্ত বেংক বিষয়া গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে।

উল্লেখযোগ্য যে ধমধমা চেন্ট্ৰল বেংক শাখাটোত পূৰ্বৰে পৰা দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে।