Boyfriend Murdered Girlfriend Mother : নাবালিকা প্ৰেমিকাৰ মাতৃক ছুৰীৰে হত্যা প্ৰেমিকৰ, চোকা অস্ত্ৰৰে ডিঙি আৰু পেটত আক্ৰমণ
নেশ্যনেল ডেস্ক, ৯ জুন : শেহতীয়াকৈ আগ্ৰাৰ এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে । সিকন্দ্ৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত শাস্ত্ৰীপুৰমৰ ভাৱনা এৰোমাৰ এজন জোতা ব্যৱসায়ীৰ পত্নীক ছুৰীৰে সানি খুচি হত্যা কৰে । বৃহস্পতিবাৰে সন্ধিয়া কাক্ৰাইথাৰ পৰা অলপ দূৰৈৰ যমুনাৰ পাৰত থকা বনখণ্ডী মহাদেৱ মন্দিৰৰ ওচৰৰ এখন হাবিত উদ্ধাৰ হয় ব্যৱসায়ীগৰাকীৰ পত্নীৰ মৃতদেহ । বুধবাৰে আবেলিৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী ।
আৰক্ষীয়ে জনোৱা অনুসৰি, জোতা ব্যৱসায়ীজনৰ নাবালিকা কন্যাৰ প্ৰেমিকে এজন বন্ধুৰ সহায়ত মহিলাগৰাকীক হত্যা কৰে (Boyfriend Murdered Girlfriend Mother) ।
উল্লেখ্য যে , মহিলাগৰাকীয়ে কন্যাৰ ওপৰত নজৰ ৰাখিছিল আৰু প্ৰেমিকক লগ পোৱাৰ পৰা নিষেধাজ্ঞা আৰোপ কৰিছিল । যাৰ বাবে অভিযুক্তৰ মহিলাগৰাকীৰ ওপৰত খং উঠে । আনহাতে, নাবালিকাগৰাকীও এই গোচৰটোত সন্দেহৰ আৱৰ্তত আছে । শাস্ত্ৰীপুৰমৰ ভাৱনা এৰোমাৰ বাসিন্দা উদিত বাজাজৰ জোতাৰ সূতাৰ ব্যৱসায় আছে (Agra murder case) । বুধবাৰে নিশা উদিত বাজাজে তেওঁৰ পত্নী অঞ্জলি বাজাজ (৪০) নিৰুদ্দেহ হোৱাৰ বিষয়ে সিকন্দ্ৰা আৰক্ষী থানাত অভিযোগ দাখিল কৰে ।
উদিত বাজাজে আৰক্ষীক কয় যে তেওঁৰ পত্নী অঞ্জলি বিয়লি ৩ বজাৰ পৰা কাক্ৰাইথাৰ বনখণ্ডী মহাদেৱ মন্দিৰৰ পৰা সন্ধানহীন হৈ আছে । যাৰ ফলত আৰক্ষীয়ে ব্যক্তিজনৰ অভিযোগ পঞ্জীয়ন কৰি অঞ্জলিক বিচাৰ কুচাৰ কৰে (Minor Daughter Involve in murder case) । বৃহস্পতিবাৰে সন্ধিয়া বনখণ্ডী মহাদেৱ মন্দিৰৰ ওচৰত অঞ্জলিৰ মৃতদেহ উদ্ধাৰ হয় । তেওঁক চোকা অস্ত্ৰেৰে ডিঙি আৰু পেটত আক্ৰমণ কৰা হৈছিল ।
সিকন্দ্ৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক আনন্দ কুমাৰ শ্বাহীয়ে জনোৱা অনুসৰি , কন্যাৰ হোৱাটছএপ মেছেজৰ দ্বাৰা মাতৃক (অঞ্জলি) বনখণ্ডী মহাদেৱ মন্দিৰলৈ মাতিছিল । সেয়ে মাতৃয়েও তেওঁৰ স্বামীক ফোন কৰিছিল । দুয়ো মন্দিৰৰ ওচৰত উপস্থিত হয় । ইফালে, কন্যাৰ নম্বৰৰ পৰা পিতৃৰ মোবাইলত এটা মেচেজ আহে্, “গুৰু কা তালৰ ওচৰলৈ আহক । মই তাত থিয় হৈ আছোঁ । মোক ঘৰত থৈ আহক ।” ফলত পিতৃ উদিত বাজাজে লগে লগে তেওঁৰ পত্নী অঞ্জলিক তাতে এৰি হাইৱে’ৰ ওচৰত অৱস্থিত গুৰু কা তালত উপস্থিত হয় । তাৰ পিছত কন্যাই ফোন কৰি উদিতক কয় যে তেওঁ ইতিমধ্যে ঘৰত গৈ উপস্থিত হৈছে ।
তাৰ পিছত উদিত মন্দিৰলৈ উভতি আহে যদিও পত্নী তাত উপস্থিত নাথাকে ।
আৰক্ষী আয়ুক্ত ডঃ প্ৰীতিন্দৰ সিঙে কয় যে অঞ্জলিৰ মোবাইল ফোনটো নোহোৱা হৈছে । অঞ্জলি আৰু তেওঁৰ একমাত্ৰ কন্যাৰ মাজত বিভাজন হৈছিল । পিতৃ-মাতৃয়ে বিচৰা নাছিল যে কন্যাই তেওঁৰ প্ৰেমিক প্ৰখৰ গুপ্তাক লগ কৰাটো । যিহেতু ল’ৰাজন কন্যাতকৈ ডাঙৰ আছিল । তেওঁ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত । সেয়েহে অঞ্জলিয়ে কন্যাৰ ওপৰত নজৰ ৰাখিছিল । তাৰ ফোন আহিলেই তেওঁ কন্যাৰ মোবাইলটো চেক কৰিছিল । তাৰোপৰি ছচিয়েল মিডিয়া পেজতো চকু ৰাখিছিল । যাৰ বাবে প্ৰেমিক প্ৰখৰ গুপ্তাৰ খং উঠিছিল । ফলত মাতৃক চোকা অস্ত্ৰৰে হত্যা কৰে ।
এনে বহু তথ্য পোহৰলৈ আহিব । বৰ্তমান প্ৰখৰ গুপ্তা পলাতক অৱস্থাত আছে । এই সন্দৰ্ভত অভিযুক্ত প্ৰখৰ গুপ্তাক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
আনহাতে, সিকন্দ্ৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক আনন্দ কুমাৰ শ্বাহীয়ে জনোৱা অনুসৰি ব্যৱসায়ীজনৰ পত্নী অঞ্জলি বাজাজক তেওঁৰ নাবালিকা কন্যাৰ প্ৰেমিক তথা দয়ালবাগ অঞ্চলৰ বাসিন্দা প্ৰখৰ গুপ্তাই হত্যা কৰিছিল । প্ৰেমিকৰ লগতে তেওঁৰ বন্ধুও এই হত্যাকাণ্ডৰ লগত জড়িত আছে । অভিযুক্তৰ সন্ধানত ছয়টা আৰক্ষী দল নিয়োগ কৰা হৈছে । অতি সোনকালেই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰো আশা কৰিছে ।
লগতে পঢ়ক : Fire in Train : যাত্ৰীবাহী ৰে’লত অগ্নিকাণ্ড