Local, Vocal, Global

boy missing in Silapathar : চিলাপথাৰত সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰ

নিউজ ডেস্ক,১৮মে’ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য।

এইবাৰ চিলাপথাৰত সন্ধানহীন এজন নৱম শ্ৰেণীৰ ছাত্ৰ৷বিগত ৪দিনে সন্ধান নাই দক্ষিণ ছ’চাইটি গাঁৱৰ নীৰজ গোস্বামীৰ নামৰ ছাত্ৰজন(boy missing in Silapathar) ৷

জানিব পৰা মতে, ১৪মে’ৰ দুপৰীয়া ঘৰৰ পৰা ওলাই গৈছিল নীৰজ গোস্বামী৷ তাৰ পিছৰে পৰা সন্ধান নাই ছাত্ৰজনৰ ।

নীৰজৰ সন্ধান পালে 9954711691 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পিতৃৰ৷

লগতে পঢ়ক : Massive fire breaks out at godown : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত এটা কাঠৰ গুদাম