Local, Vocal, Global

Boy Child Labourer Died In Assam Brick Kiln : ইটা ভাটাত কৰ্মৰত অৱস্থাত শিশুৰ মৃত্যু;গধুৰ ইটাৰ তলত পৰি মৃত্যু শিশুৰ

গৌৰীপুৰ, ৯ মাৰ্চ : গৌৰীপুৰৰ এটা ইটা ভাটাত ভয়ংকৰ ঘটনা।অবৈধ ভাৱে শিশু শ্ৰমিক নিয়োগৰ ভয়াবহ পৰিনাম। গধুৰ ইটাৰ তলত পৰি মৃত্যু এটি শিশু শ্ৰমিকৰ।নিহত শিশুটি বৰিৰমাৰাইৰ আনাৰুল হক(Boy Child Labourer Died In Assam Brick Kiln)।

জানিব পৰা মতে, ইটা ভাটাৰ ভিতৰত ট্ৰেক্টৰত ইটা তুলি থাকোতে ইটাৰ দ’ম বাগৰি পৰি তলত সোমাই পৰে শিশুটি।ফলত ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগা হয় শিশুটিয়ে। এই ঘটনাত গুৰুতৰ ভাৱে আহত হয় আন এটি শিশু শ্ৰমিক।

মধুশৈলমাৰি ৰাজা ইটা ভাটাত এই ভয়ংকৰ ঘটনা। অভিযোগ মতে ইটা ভাটাটোত একাধিক শিশু শ্ৰমিক নিয়োগ কৰি চলাই থকা হৈছে ব্যৱসায়৯Boy Child Labourer Died In Assam Brick Kiln)।

ইটা ভাটাটোৰ বিৰুদ্ধে ঘৰৰ পৰা মাতি আনি শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ উঠিছে। তিনিজন লোকে মিলি চলাই থকা ইটা ভাটাটোৰ এজন অন্যতম মালিক বৃত্তিগত ভাবে চৰকাৰী শিক্ষক বুলিও সদৰি কৰিছে স্থানীয় ৰাইজে।

লগতে পঢ়ক : PM Modi enjoys safari in Kaziranga, feeds Elephants : বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত গজৰাজক খাদ্য খুৱালে প্ৰধানমন্ত্ৰী মোদীয়ে