Book fair venue temporarily shifted for flyover work:১২ দিনীয়া কাৰ্যসূচীৰে ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰতীক্ষিত “অসম গ্ৰন্থমেলা
নিউজ ডেস্ক,২১নৱেম্বৰ : ১২ দিনীয়া কাৰ্যসূচীৰে ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰতীক্ষিত “অসম গ্ৰন্থমেলা। ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই গ্ৰন্থমেলা ২৭ ডিচেম্বৰত আৰম্ভ হ’ব আৰু ২০২৫ চনৰ ৭ জানুৱাৰীত অন্ত পৰিব(Assam Book Fair To Be Temporarily Relocated To Khanapara)।অৱশ্যে এইবাৰ চানমাৰিত অসম গ্ৰন্থমেলা। চানমাৰিৰ পৰিৱৰ্তে মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব। এই কথা জানিবলৈ দিয়ে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ।
এই সন্দৰ্ভত বুধবাৰে এক প্ৰেছ বিবৃতিযোগে কলিতাই জনাই যে, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিগত কেইটা বছৰৰ দৰে এই বছৰো গ্ৰন্থমেলা আয়োজনৰ প্ৰস্তুতি চলাইছিল যদিও গ্ৰন্থমেলাৰ স্থানকলৈ কিছু সমস্যাৰ সৃষ্টি হৈছিল। বিগত বছৰসমূহত চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এই গ্ৰন্থমেলা আয়োজন কৰি অহা হৈছিল।
কিন্তু এইবাৰ চানমাৰিত উৰণ সেতু নিৰ্মাণৰ কাম চলি থকাৰ বাবে যান যঁটৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থমেলা আয়োজনৰ কোনো বিকল্প স্থানৰ সন্ধান চলাই থকা হৈছিল। বিকল্প স্থান হিচাপে খানাপাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰক বাচনি কৰা হৈছিল যদিও কিছু সমস্যাৰ সৃষ্টি হৈছিল।
কিয়নো আগন্তুক সময়ত ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱস একেখন খেলপথাৰত অনুষ্ঠিত হ’ব বাবে নিৰাপত্তাজনিত কাৰণত অনুমতি পোৱাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশেষত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ সহযোগত খেলপথাৰখনত গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ অনুমতি লাভ কৰা সম্ভৱ হৈ উঠিল(Book fair venue temporarily shifted for flyover work)।
লগতে পঢ়ক:CBSE date sheet 2025 released: CBSEয়ে ঘোষণা কৰিলে দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী