Local, Vocal, Global

WATCH | Bongaigaon News : লাডেনৰ গৃহত কোকৰাঝাৰ আৰক্ষীৰ অভিযান

বঙাইগাঁও,২৮মে’ : বঙাইগাঁও জিলাৰ ভাওলাগুৰিত কোকৰাঝাৰ আৰক্ষী অভিযান ।

নিশাৰ পৰা অভিযান চলাই কোকৰাঝাৰ আৰক্ষীয়ে।

কোকৰাঝাৰত চুৰি কৰি বঙাইগাঁৱত বাহৰ পাতিছিল আজিদুল মোল্লা ওৰফে লাডেনে । লাডেনক কৰায়ত্ব কৰিবলৈ অহা কোকৰাঝাৰ আৰক্ষীক বাধা লাডেনৰ পৰিয়ালৰ।

বঙাইগাঁও আৰক্ষী উপস্থিত হৈ নিশা নিয়ন্ত্ৰণ কৰে পৰিস্থিতি(Bongaigaon News)।

বৰ্তমান লাডেনৰ ঘৰত চলিছে তালাচী অভিযান । সোনৰ খাৰু উদ্ধাৰ কৰাৰ লগতে চুৰি কাৰ্য্যত ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

চিচি টিভি চাই কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলায় লাডেনৰ বাসগৃহত । চুৰি কাৰ্য্য সন্দৰ্ভত এতিয়ালৈ দুজনক আটক কৰিছে । আন এজনৰ নাম ৰকিবুল ইছলাম বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Shrinkhal Chaliha : ‘আজি গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ’ব’