Manipur violence : মণিপুৰ বিজেপি বিধায়কৰ বাসগৃহত বোমা নিক্ষেপ

নেশ্যনেল ডেস্ক, ৯ জুন : বৃহস্পতিবাৰে নিশা দুখন মটৰ চাইকেলত অহা অচিনাক্ত লোকে ইম্ফলত বিধায়ক চোৰাইচাম কেবি দেৱীৰ বাসগৃহলৈ লক্ষ্য কৰি এটা কম প্ৰাবল্যৰ আইইডি নিক্ষেপ কৰে (Improvised explosive device) । ফলত বিধায়ক গৰাকীৰ বাসগৃহৰ গেটত বিস্ফোৰণ ঘটে (Bomb Thrown At Manipur BJP MLA) । অৱশ্যে সেই সময়ত সৌভাগ্যক্ৰমে হতাহত হোৱাৰ পৰা ৰক্ষা পৰে চৌহদৰ লোকসকল ।
মণিপুৰ আৰক্ষীয়ে জনোৱা অনুসৰি, বাইক আৰোহী দুজনে নিংথেমচা কাৰোঙৰ ইম্ফল পশ্চিম জিলাৰ নাওৰিয়া পাখাংলাকপা সমষ্টিৰ বিজেপি বিধায়িকা সোৰাইচাম কেবিৰ বাসগৃহলৈ এটা আইইডি নিক্ষেপ কৰে (Manipur violence) ।
উল্লেখ্য যে , আইইডি হৈছে ধ্বংসাত্মক, মাৰাত্মক, ক্ষতিকাৰক, পাইৰোটেকনিক অথবা জ্বলা-পোৰা কৰা ৰাসায়নিক পদাৰ্থ অন্তৰ্ভুক্ত কৰি এক উন্নত প্ৰকাৰে তৈয়াৰ কৰা বোমা । এই বোমা ব্যক্তি বা বাহন ধ্বংস কৰা অথবা অক্ষম কৰাৰ বাবে প্ৰস্তুত কৰা হয় (Improvised Explosive Device)।
মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰৰ উপদেষ্টা (নিৰাপত্তা) কুলদীপ সিঙে কয় যে, বিগত ২৪ ঘণ্টাত ২৭টা অস্ত্ৰ আৰু ২৪৫টা গুলী উদ্ধাৰ হোৱাৰ লগতে মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে এতিয়ালৈকে ৮৯৬টা অত্যাধুনিক আৰু স্বয়ংক্ৰিয় অস্ত্ৰ , ১১,৭৬৩টা গুলী আৰু নিৰাপত্তা বাহিনীয়ে বিভিন্ন জিলাৰ পৰাও উদ্ধাৰ কৰিছে ২০০ টা সজীৱ বোমা । যিবোৰ জনগোষ্ঠীয় দাঙ্গা আৰম্ভ হোৱাৰ পিছৰে পৰা আৰক্ষী আৰু বিভিন্ন নিৰাপত্তা প্ৰতিষ্ঠানৰ পৰা লুটপাত কৰা হৈছিল (Manipur government Advisor Kuldeep Singh)।
মণিপুৰ চৰকাৰৰ নিৰাপত্তাৰ বাবে অন্য স্থানত গৈ আশ্ৰয় লোৱা লোকসকলক সকাহ প্ৰদান কৰিবলৈ কুলদীপ সিঙে কয় যে গৃহ মন্ত্ৰালয়ে ১০১.৭৫ কোটি টকাৰ সাহায্য পেকেজত অনুমোদন জনাইছে । মণিপুৰৰ পৰা স্থানচ্যুত হোৱাসকলৰ বাবে গৃহ মন্ত্ৰালয়ৰ সাহায্যৰ অনুমোদনৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাজ্য চৰকাৰক এনে অনুদানৰ বাবে তেওঁৰ মন্ত্ৰালয়লৈ অনুৰোধ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল (Home Minister Amit Shah Manipur visit) ।
উল্লেখ্য যে ১ জুনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ আবেদনৰ এদিন পিছতে ২ জুনত মণিপুৰৰ বিভিন্ন স্থানত মুঠ ১৪০ টা অস্ত্ৰ সমৰ্পণ কৰা হয় । সমৰ্পণ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছিল এছএলআৰ ২৯, কাৰ্বাইন, এ কে, ইনচাছ ৰাইফল, ইনচাছ এলএমজি, .৩০৩ ৰাইফল, ৯ এম এম পিষ্টল, .৩২ পিষ্টল, এম১৬ ৰাইফল, স্ম’ক গান আৰু কন্দুৱা গেছ, এটা স্থানীয়ভাৱে নিৰ্মিত পিষ্টল, এটা ষ্টান গান, আধুনিক ৰাইফল, জেভিপি আৰু গ্ৰেনেড লঞ্চাৰ । ইয়াৰ লগতে অমিত শ্বাহে মণিপুৰৰ লোকসকলক উৰাবাতৰিৰ প্ৰতি মনোযোগ নিদিবলৈ আৰু শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছিল ।
উল্লেখ্য যে, মণিপুৰ উচ্চ ন্যায়ালয়ৰ ১৯ এপ্ৰিলৰ নিৰ্দেশনা অনুসৰি মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ প্ৰতিবাদত‘জনজাতি সংহতি মাৰ্চ’ৰ(All Tribals Students Union) আয়োজন কৰা এক সমদলৰ সময়ত ৩ মে’ত মণিপুৰত হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটিছিল (Manipur violence) । তাৰ পিছৰে পৰা
এমাহতকৈও অধিক দিন উত্তৰ-পূবৰ ৰাজ্যখন অশান্ত হৈ আছে । ফলত কমেও ৯৮ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ৩১০ জন লোক আহত হৈছে।
দীৰ্ঘদিনীয়া জাতিগত হিংসাৰ ফলত বিভিন্ন সম্প্ৰদায়ৰ প্ৰায় ৩৭,৪৫০ জন লোকে ঘৰৰ পৰা স্থানান্তৰিত হ’ব লগা হয় । আনহাতে উত্তৰ-পূব ৰাজ্যখনৰ ১৩খন জিলাৰ কমিউনিটি হলকে ধৰি ২৭২টা সাহায্য শিবিৰত আশ্ৰয় লৈ আছিল ।
ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে প্ৰায় ১০ হাজাৰ সেনা আৰু অসম ৰাইফলছৰ জোৱান মোতায়েন কৰা হৈছে।
লগতে পঢ়ক : tree Plantation : একেদিনাই ৰাজ্যজুৰি ৰোপণ হ’ব এক কোটি গছপুলি