Local, Vocal, Global

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক বোমাৰ ভাবুকি

নিউজ ডেস্ক, ৯ আগষ্ট : ছলমান খান, কেটৰিনা কাইফে মৃত্যুৰ ভাবুকি লাভ কৰাৰ পাছত এইবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (Yogi Adityanath) বোমাৰ ভাবুকি লাভ কৰিছে।

আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ হেল্পলাইন হোৱাটছএপত (WhatsApp) ২ আগষ্ট তাৰিখে এটা বাৰ্তা হিচাপে মৃত্যুৰ ভাবুকিটো পোৱা গৈছিল।

ঘটনাটোৰ পিছত, বিষয়াসকলে বাৰ্তাৰ উৎস বিচাৰি উলিয়াবলৈ তৎক্ষণাৎ সাজু হৈছিল।

বাৰ্তাটোত (message) ৩ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীক বোমা বিস্ফোৰণ কৰি মৰাৰ ভাবুকি দিছিল।

ইফালে, হেল্পলাইনৰ অপাৰেচন কমাণ্ডাৰে আৰক্ষীৰ সৈতে গোচৰ ৰুজু কৰে আৰু প্ৰেৰকজনক চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰিবলৈ এটা অনুসন্ধান চলি আছে।

সুশান্ত গল্ফ চিটি আৰক্ষী চকীত (Sushant Golf City Police Station) এটা গোচৰ ৰুজু কৰা হৈছে।