Local, Vocal, Global

Bomb threat on Air India flight : এয়াৰ ইণ্ডিয়াৰ বিমানত বোমা বিস্ফোৰণৰ ভাবুকি

নিউজ ডেস্ক,২২আগষ্ট : এয়াৰ ইণ্ডিয়াৰ বিমানত বোমা বিস্ফোৰণৰ ভাবুকি। মুম্বাইৰ পৰা তিৰুৱনন্তপুৰমলৈ যাত্ৰা কৰা বিমানত বোমা বিস্ফোৰণৰ ভাবুকি। তিৰুৱনন্তপুৰম বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে এয়াৰ ইণ্ডিয়াৰ ৬৫৭ বিমান। তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পুৱা ০৭:৩৬ বজাত সম্পূৰ্ণ জৰুৰীকালীন অৱস্থা ঘোষণা( Bomb threat on Air India flight)।

বিমানবন্দৰৰ সূত্ৰই জনোৱা অনুসৰি,মুম্বাইৰ পৰা যাবলগীয়া এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমাৰ ভাবুকিৰ পিছত বৃহস্পতিবাৰে তিৰুৱন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সম্পূৰ্ণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়( full emergency declared at Thiruvananthapuram Airport)।

১৩৫ জন যাত্ৰীৰ সৈতে বিমানখন পুৱা প্ৰায় ৮ বজাত বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰিছিল আৰু বিমানখন এক পৃথক স্থানলৈ স্থানান্তৰিত কৰা বুলি তেওঁলোকে কয় । যাত্ৰীসকলক পুৱা ৮.৪৪ বজাৰ ভিতৰত বিমানখনৰ পৰা সুৰক্ষিতভাৱে উলিয়াই অনা হয় বুলি বিমানবন্দৰৰ সূত্ৰই জনায় ।

তিৰুৱন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এক বিবৃতি অনুসৰি, “এআই ৬৫৭ বিমানক বোমাৰ ভাবুকিৰ তথ্য দিছিল । তিৰুৱন্তপুৰম বিমানবন্দৰত ০৭.৩৬ বজাত সম্পূৰ্ণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল । বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰিছিল । ইয়াক এতিয়া আইচ’লেচন বে’ত ৰখা হৈছে, য’ত স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । যাত্ৰীৰ জীৱনত কোনো প্ৰভাৱ পৰা নাই । বিমানবন্দৰৰ কাম-কাজ বৰ্তমান নিৰৱচ্ছিন্ন হৈ আছে(Brief Emergency At Kerala Airport Over Bomb Threat On Air India Flight)।”

লগতে পঢ়ক :Fox terror in North Guwahati : উত্তৰ গুৱাহাটীত বলীয়া শিয়ালৰ আতংক