Bomb Blast outside BJP Minister’s residence : মন্ত্ৰীৰ বাসগৃহত বোমা বিস্ফোৰণ;আহত দুজন

নেশ্য়নেল ডেস্ক, ৮ অক্টোবৰ : অশান্ত মণিপুৰ । শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি । হিংসাজৰ্জৰিত মণিপুৰত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণ । এইবাৰ মণিপুৰৰ ৰাজনৈতিক নেতা লক্ষ্য দুৰ্বৃত্তৰ । শনিবাৰে নিশা প্ৰায় ৯.৫০ মান বজাত দুৰ্বৃত্তই আক্ৰমণ কৰে মন্ত্ৰী ৱাই খেমচান্দৰ বাসগৃহ(Bomb Blast outside BJP Minister’s residence CRPF Jawan injured) ।
আৰক্ষীয়ে জনোৱা অনুসৰি, শনিবাৰে নিশা মনিপুৰৰ য়ুমনাম লেইকাইত মণিপুৰৰ মন্ত্ৰী ৱাই খেমচান্দৰ বাসগৃহৰ সন্মুখত বোমা বিস্ফোৰণ কৰে কোনো দুৰ্বৃত্তই। দুচকীয়া বাহনত অহা দুজন অচিনাক্ত ব্যক্তিয়ে হেণ্ড গ্ৰেনেড মন্ত্ৰীগৰাকীৰ বাসগৃহৰ গেটৰ ফালে নিক্ষেপ কৰে। গ্ৰেনেড নিক্ষেপ কৰাৰ পিছতে বোমাটো বাসগৃহৰ চৌহদৰ ভিতৰত বিস্ফোৰণ ঘটে( Bomb Blast outside BJP Minister’s residence) ।
জানিব পৰা মতে ,এই ঘটনাটো সংঘটিত হোৱাৰ সময়ত মন্ত্ৰীগৰাকী নিজ বাসগৃহতে আছিল। বোমা বিস্ফোৰণৰ ফলত এগৰাকী সাধাৰণ নাগৰিক আৰু এগৰাকী চিআৰপিএফ জোৱান সামান্য আঘাতপ্ৰাপ্ত হৈছে বুলিও জানিব পৰা গৈছে(CRPF jawan woman injured in blast outside Manipur minister’s home in Imphal) ।
উল্লেখ্য যে এই বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ঘটনাস্থলীত উপস্থিত হয় আৰু এই ঘটনা গৰিহণা দিয়ে ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কয় যে, দুজন দুৰ্বত্তটো এখন দুচকীয়া বাহনত আহি বোমা নিক্ষেপ কৰে নেতাৰ গৃহত । আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । ৰাজ্যখনৰ মন্ত্ৰীসকলৰ বাসগৃহৰ ওচৰত নিৰাপত্তা ব্যৱস্থাও বৃদ্ধি কৰা হৈছে । শনিবাৰে নিশা প্ৰায় ৯.৪৫ মান বজাত মন্ত্ৰীগৰাকীৰ বাসগৃহৰ মুখ্য গেটত এই বিস্ফোৰণ হয় । য’ত এগৰাকী সাধাৰণ নাগৰিক আৰু এগৰাকী চিআৰপিএফ জোৱান নিযুক্ত আছিল ।
এই বিস্ফোৰণৰ ফলত আহত হয় এগৰাকী ৱাই নেতাৰ কন্যা ২৫ বছৰীয়া পূৰ্ণেশা য়ুমনাম আৰু এফ-৩০ চিআৰপিএফ বেটেলিয়নৰ উপ-পৰিদৰ্শক দীনেশ চন্দ্ৰ দাস । পূৰ্ণেশাই বাওঁ ভৰিত স্প্লিণ্টাৰৰ দ্বাৰা আঘাত পাইছে আনহাতে দাসেও তেওঁৰ সোঁ হাতত স্প্লিণ্টাৰৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছে( Bomb blast outside BJP minister’s residence in Imphal West CRPF jawan injured) ।
ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি দুৰ্বৃত্ত কেইজনে কাপোৰেৰে মুখ ঢাকি আহিছিল আৰু হেলমেট পৰিধান কৰি আহিছিল । দুৰ্বৃত্তই বোমাটো দলিয়াইছিল যদিও গেটৰ পৰা প্ৰায় ১৫ মিটাৰ দূৰত থকা এটা বৈদ্যুতিক পোষ্টত খুন্দা মাৰে আৰু বিস্ফোৰণ হয় । বিস্ফোৰণৰ পাছতে ইম্ফল আৰক্ষী থানা আৰু চিংজামেই আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । আইজি থেমথিং নগাচাংভাও ঘটনাস্থলীত উপস্থিত হয় ।
লগতে পঢ়ক : Deadbody recovered : গাৰ নোম শিৱৰি উঠা এক ঘটনা; দিন-দুপৰতে স্কুটীত মৃতদেহ লৈ ঘূৰি ফুৰিছে এজন লোকে