bolbom drugs seized: ব’ল ব’মৰ নামত চলিছে কি ? হাতে হাতে উদ্ধাৰ ড্ৰাগছৰ কন্টেইনাৰ

গুৱাহাটী, ৭আগষ্ট : ব’ল ব’মৰ নামত চলিছে কি ! বশিষ্ঠ মন্দিৰ প্রাংগণত একাংশ যুৱকৰ উদ্ভণ্ডালি। ড্ৰাগছ আসক্তৰে ভৰি পৰিছে বশিষ্ঠ মন্দিৰৰ চৌহদ । শিৱ আৰাধনাৰ নামত একাংশ উদণ্ড যুৱকে কৰিছে চৰম অসভ্যালি।
ড্রাগছ,সুৰা, গাঞ্জা, সেৱন কৰি একাংশ উদণ্ড যুৱকে প্রৱেশ কৰিছে মন্দিৰত । ভক্তিৰ নামত একাংশ উদণ্ড যুৱকে নিচাগ্রস্ত হৈ শালীনতাৰ চৰম সীমা অতিক্রম কৰিছে। আনকি কণ কণ শিশুৰ হাততো দেখা গৈছে ড্রাগছৰ কণ্টেইনাৰ।
ব’ল ব’মত চলাইছে চৰম অসভ্যালি। কিশোৰৰ হাতত ড্ৰাগছৰ কন্টেইনাৰ। প্ৰতিদিনে ব’ল ব’মত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ । প্ৰতিজন ভক্তৰ হাতত যেন সুলভ মাৰাত্মক ড্ৰাগছ(bolbom drugs seized) ৷
দেওবাৰে নিশা ব’ল ব’মত শিৱ ভক্তৰ হাতৰ পৰা জব্দ ড্ৰাগছ ৷ দেওবাৰে নিশা ড্ৰাগছসহ আটক কৰে শিৱ ভক্ত কিশোৰ এজনক। জানিব পৰা মতে আটক কৰা কিশোৰজনৰ ঘৰ আমিনগাঁও মধ্যবস্তিত ।
অভিযুক্ত যুৱকজনে কোৱা অনুসৰি, তেওঁৰ কোনো সতীৰ্থই দিছিল ড্ৰাগছখিনি ৷ লগতে কিশোৰজনে কয় যে তেওঁ দশম শ্ৰেণীত পঢ়ে ।
উল্লেখ যে, বিগত দেওবাৰেও জব্দ কৰা হৈছিল ড্ৰাগছসহ যুৱকৰ এটা দল । একাংশৰ লোকৰ অভিযোগ অনুসৰি, ব’ল ব’মৰ সুযোগ লৈ যেন এতিয়া একাংশ লোকে ড্ৰাগছৰ মুকলি বেহা কৰিছে আৰু ড্ৰাগছ সেৱনৰ স্থান হৈ পৰিছে বশিষ্ঠ মন্দিৰৰ প্ৰাংগণ ।
এই ক্ষেত্ৰত স্থানীয় ৰাইজে দাবী জনাই যে এই ক্ষেত্ৰত আৰক্ষীয়ে বিহীত ব্যৱস্থা গ্ৰহণ কৰে যেন ৷ কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
লগতে পঢ়ক :Gang rape on moving train : চলন্ত ৰে’লত যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, দুজনক গ্ৰেপ্তাৰ