Local, Vocal, Global

Watch | Boko Rabha Divas: বকোৰ খলিহা ৰাজ নগৰ যুৱক সংঘই উলহ-মালহেৰে পালন কৰিছে কলাগুৰু “বিষ্ণু প্ৰসাদ ৰাভা দিৱস”

বকো: আজি ২০ জুন বিষ্ণু প্ৰসাদ ৰাভা দিৱস। বকোৰ খলিহা ৰাজ নগৰ যুৱক সংঘই উলহ-মালহেৰে পালন কৰিছে কলাগুৰু “বিষ্ণু প্ৰসাদ ৰাভা দিৱস”।

তুমি গুৰু, কলাগুৰু । হয়, আজি ২০ জুন অৰ্থাৎ ৰাভা দিৱস। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ  মৃত্যু বাৰ্ষিকী পালন।‌ আজিৰ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গীতে মাতে স্মৰণ অজস্ৰ গুণমুগ্ধৰ।

এয়া হ’ল বকোৰ খলিহা হাইস্কুল খেলপথাৰ প্ৰাঙ্গণত ৰাজনগৰ যুৱক সংঘৰ সৌজন্যত বিংশতি তম বাৰ্ষিক ৰাভা দিৱস পালন। এনেদৰে আজি মহান বিপ্লৱী শিল্পীজনক স্মৰণ কৰিছে ৰাজ্যবাসীয়ে। অসমৰ বাবে তেওঁ আছিল এক আদৰ্শ পুৰুষ। তেওঁ নাছিল কি, একেধাৰে তেওঁ কবি, সাহিত্যিক, নাট্যকাৰ, অভিনেতা তথা এগৰাকী সু নিপুন খেলুৱৈ আছিল।

কৃষ্টিৰ পথাৰত সৃষ্টিৰ কঠিয়া সিঁচি অসমৰ সাহিত্য সংস্কৃতিৰ ভড়াল চহকী কৰা একাধিক প্ৰতিভাৰ গৰাকীৰ সুৰৰ দেউলত আজি নাচি উঠিছে সকলো। যুৱক সংঘৰ সভাপতি হলধৰ ৰাভাই পতাকা উত্তোলনৰ পিছতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শেৱালী পাটোৱাৰীৰ জৰিয়তে শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, খেল ধেমালি অনুষ্ঠিত হয়।

ইফালে সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰদীপ ৰাজ আৰু হিমাশ্ৰীৰ সংগীতানুষ্ঠানৰ জৰিয়তে জীপাল হৈ পৰিব সংঘৰ বাকৰি।