Local, Vocal, Global

WATCH | Boko Protest : অৰুণোদয় আঁচনি কেলেংকাৰীৰ বিৰুদ্ধে বকোত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

বকো,২৮মে’ : অৰুণোদয় আঁচনি কেলেংকাৰীৰ বিৰুদ্ধে বকোত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। বিধায়িকা নন্দিতা দাসৰ লগতে ৫ শতাধিক কংগ্ৰেছ কৰ্মীয়ে আঁচনিৰ নামত বিজেপি নেতাই যৌন প্ৰস্তাৱ দিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ৷

বকো ব্লক কংগ্ৰেছৰ উদ্যোগত হোৱা প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায় ধ্বনিৰে বকোৰ ৰাজপথ উত্তাল কৰে(Boko Protest)৷

ৰাজ্য চৰকাৰৰ মহিলাক প্ৰদান কৰা অভিলাখী আচঁনি অৰুণোদয়ে কামৰূপ জিলাৰ বকোত ত্ৰাহিমধূসুদন সোঁৱৰাইছে হিতাধিকাৰী মহিলাক। আঁচনি ৰূপায়নৰ নামত হোৱা কেলেংকাৰীয়ে কেৱাদিনো ধৰি সংবাদ মাধ্যমত চলিছে প্ৰচাৰ। ইফালে বৃহত্তৰ অঞ্চলটোত হোৱা অৰুণোদয়ৰ বিসংগতিৰ বিৰুদ্ধে আজি বকোৰ ৰাজীৱ ভৱনৰ পৰা আৰম্ভ কৰি লোক নিৰ্মান বিভাগৰ কাৰ্য্যালয়ৰ পৰা পুনৰ ৰাজীৱ ভৱনলৈ সমদল কৰি আহি কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

উল্লেখ্য যে,যোৱা তাৰিখে ৩২ নং উত্তৰ বেকেলী গাঁও পঞ্চায়তৰ অন্তৰ্গ মৈৰাঁচ’ৰা ৱাৰ্ডত সংঘটিত হৈছিল এক লজ্জানক ঘটনা৷ মৈৰাঁচ’ৰাৰ বুথ সভাপতি পূৰ্য্য বড়োৰ বিৰুদ্ধে এগৰাকী মহিলাক অশ্লীল ইংগিত দিয়া অভিযোগ উত্থাপন কৰে ৷ আজি ন্যায় বিচাৰি বকোৰ বিধায়িকা নন্দিতা দাসে প্ৰতিবাদ সাব্যস্ত কৰাৰ ওপৰি এখন সংবাদ মেল পাতি দোষীক গ্ৰেপ্তাৰ কৰা দাবী কৰে।

লগতে পঢ়ক : WATCH | Gaurav Gogoi : পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে গৌৰৱ গগৈয়ে