WATCH | Boko News : ঐতিহ্যমণ্ডিত বকোৰ শ্ৰী শ্ৰী মা পাৰ্বতী দেৱী থানত ভক্তৰ ভিৰ

বকো,১৪এপ্ৰিল : আজি অসমীয়া বছৰৰ অন্তিমতো দিন
আজি গৰু বিহু । মাহ হালধিৰে গৰুক নুৱাই-ধুৱাই চাতৰ লাও-বেঙেনা গৰুলৈ আগবঢ়াই দি গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে ।
নৱবর্ষৰ আশীষ বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰত ভিৰ কৰিছে ভক্তই । লগতে নৱবর্ষৰ আশীষ বিচাৰি বকোৰ পাহাৰ বগাই মাঁ পাৰ্বতী দেৱীৰ থানতো ভক্ত ভিৰ পৰিলক্ষিত হয়
অসমৰ বিভিন্ন প্ৰান্তৰ গাঁৱৰ ৰাইজে গৰু বিহুৰ উদযাপন কৰিছে। মা হালধী সাতমপুৰুষীয়া ৰীতি নীতি মানি লাও,বেঙেনা, হালধিৰে গৰুক গা ধুৱাই ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী।
মাহ হালধিৰে নুৱাই-ধুৱাই চাতৰ লাও-বেঙেনা গৰুলৈ আগবঢ়াই দি গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে । নৱবর্ষৰ আশীষ বিচাৰি বকোৰ পাহাৰ বগাই মাঁ পাৰ্বতী দেৱীৰ থানত ভক্তৰ ভিৰ।
অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন আকৌ আহিল হেপাহৰ ৰঙালী বিহু(Boko News)।
অযুত বিশ্বাস আৰু প্ৰত্যয়ৰ বতৰা লৈ গৰু বিহুৰ দিনা সুউচ্চ পাহাৰ বগাই গৈ দেৱী মাৰ চৰণত আশীৰ্বাদ লবলৈ ভিৰ কৰে হাজাৰ হাজাৰ লোকে। এয়া হ’ল ঐতিহ্যমণ্ডিত বকোৰ শ্ৰী শ্ৰী মাঁ পাৰ্বতী দেৱী থানৰ দৃশ্য।
এনেদৰে পুৱাৰে পৰা দেখা গ’ল ভক্ত প্ৰাণ ৰাইজৰ লানি নিচিগা সোঁত। ইফালে বছৰটো অন্তিমতো দিনৰ দেৱী মাক দৰ্শন কৰি এনেদৰে কয় দৰ্শনাৰ্থীয়ে ।
উল্লেখ্য যে লোক বিশ্বাস অনুসৰী ৩০ চত অৰ্থাৎ আজিৰ দিনটোত শ্ৰী শ্ৰী মাঁ পাৰ্বতী দেৱীৰ শ্ৰী চৰণত সেৱা ললে মনবাঞ্চা পুৰ্ণ হয়। সেয়েহে পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীয়ে দেৱী মাঁৰ চৰণত দৰ্শন কৰিবলৈ এনেদৰে ভিৰ কৰে সকলোৱে।
লগতে পঢ়ক : WATCH | Bohag Bihu 2025: আমিনগাঁৱতো গৰু বিহুৰ মনোমোহা পৰিবেশ