WATCH | Boko News : পঞ্চায়ত নিৰ্বাচন খেলাৰ প্ৰস্তুতি ২৪ নং লুকী পৰিষদীয় সমষ্টিৰ নৱনিৰ্বাচিত কাৰ্যবাহী সদস্যা ৰেল্লিনা জে চাংমাৰ
বকো,৬এপ্ৰিল : ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী ৰূপে জয়লাভ কৰাৰ পিছতে এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলাৰ প্ৰস্তুতি ২৪ নং লুকী পৰিষদীয় সমষ্টিৰ নৱনিৰ্বাচিত কাৰ্যবাহী সদস্যা ৰেল্লিনা জে চাংমাৰ।
শনিবাৰে লুকী পৰিষদীয় সমষ্টিৰ চুকুনীয়াপাৰা সমবায় সমিতিৰ সভাকক্ষত অনুষ্ঠিত হয় আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এখনি সভা। ৰাভা হাছংৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ. মাৰাকৰ উপস্থিতিত অনুষ্ঠিত হয় এই বিশেষ সভাখন(Boko News)।
উল্লেখ্য যে,ফ্ৰাইলিন আৰ. মাৰাক ২৪ নং লুকী পৰিষদীয় সমষ্টিৰ নৱনিৰ্বাচিত কাৰ্যবাহী সদস্যা ৰেল্লিনা জে চাংমাৰ স্বামী তথা সমষ্টিটোৰ প্ৰাক্তন কাৰ্যবাহী সদস্য।
একালৰ সতীৰ্থ টংকেশ্বৰ ৰাভাই সমষ্টিটোৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ. মাৰাকক নিজৰ পত্নীক NDA প্ৰাৰ্থীৰ বিপৰীতে নিৰ্বাচনত অৱতীৰ্ণ কৰোৱা বাবে ৰাভা হাছং যৌথ মঞ্চৰ পৰা তিনি বছৰৰ বাবে বহিস্কাৰ কৰাক লৈও মন্তব্য প্ৰাক্তন কাৰ্যবাহী সদস্য গৰাকীৰ।
মোক তিনি বছৰ নহয়,১০ বছৰ বৰ্খাস্ত কৰিলেও একো নহয়,মোৰ লগত ৰাইজ আছে,ৰাইজে সিদ্ধান্ত লব বুলি মন্তব্য প্ৰাক্তন কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ. মাৰাকৰ।
লগতে পঢ়ক : WATCH | Bohag Bihu 2025: সন্মুখত হেঁপাহৰ ৰঙালী বিহু;ৰাজ্যৰ চৌদিশে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি