Local, Vocal, Global

WATCH | Boko News : বকোৰ ডেকাপাৰাত ৰাভা জনজাতি সমাজৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মাঁ বিষহৰি মাৰৈৰ বাৰ্ষিক পূজাৰ আজি সামৰণি

বকো,২৯মাৰ্চ : বকোৰ ডেকাপাৰাত ৰাভা জনজাতি সমাজৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মাঁ বিষহৰি মাৰৈৰ বাৰ্ষিক পূজাৰ আজি সামৰণি

ডেকাপাৰা ৰাভা জনজাতি সমাজৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মাঁ বিষহৰি মাৰৈ পুজাৰ যোৱা ২৭ তাৰিখৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছিল।

আজি ভৰ পূজা। অগন ভক্তৰ লানি নিচিগা সোঁত । দূৰ দূৰনিৰ পৰা আশীৰ্বাদ বিচাৰি আহিছে ভক্ত(Boko News)।

আজিৰে পৰা প্ৰায় এশ বছৰ আগৰ পৰাই পালন কৰি আহিছে বুলি জনায় ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মাঁ বিষহৰি মাৰৈ পূজা।

ৰাভা জনজাতি সমাজৰ সভাপতি গুনিন্দ্ৰ ৰাভা, সম্পাদক নয়ন ৰাভা আৰু কখাধক্ষ্য গিৰীন্দ্ৰ ৰাভা লগতে সমিতিৰ বিষয় ববীয়াই জনায় যে আজি তিনিদিনীয়াকৈ হোৱা পূজাৰ আজি অন্তিমতো দিন, আজি ভৰ পূজা, আজিৰ কাৰ্য্যসুচীত ভক্ত সকলৰ নৈবেদ্য গ্ৰহন, দেওধ্বনী ও ওজাপালিৰ নৃত্য পদৰ্শন, নিমন্ত্ৰিত ৰাইজ আদৰণিৰ, তিনিখন ৰাইজক আমন্ত্রণ কৰা হয়, নিমন্ত্ৰিত ৰাইজৰ সভাপতি সম্পাদকৰ লগতে নিমন্ত্ৰিত অতিথি আৰু দাতা সকলৰ সম্বৰ্ধনা অনুস্থান, নিমন্ত্ৰিত ৰাইজৰ অভ্যৰ্থনাৰ লগতে বিভিন্ন কাৰ্যসূচী আয়োজন কৰাৰ লগতে অৱশেষত পূজা ও মজু বিসৰ্জন।

লগতে পঢ়ক : WATCH | Moirabari News : মৈৰাবাৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰিজন জুৱাৰীক