Local, Vocal, Global

WATCH | Boko News : আজিৰে পৰা আৰম্ভ বকোৰ ডেকাপাৰাত ৰাভা জনজাতি সমাজৰ শ্ৰী শ্ৰী মাঁ বিষহৰি মাৰৈৰ বাৰ্ষিক পূজা

বকো,২৭মাৰ্চ : আজিৰে পৰা আৰম্ভ বকোৰ ডেকাপাৰাত ৰাভা জনজাতি সমাজৰ শ্ৰী শ্ৰী মাঁ বিষহৰি মাৰৈৰ বাৰ্ষিক পূজা।

শুদ্ধ চিত্ৰে মানস কৰিলে সুফল প্ৰাপ্তি ঘটে বুলি থকা বহুল জনশ্ৰুতিৰ পৰিপ্ৰেক্ষিততে পৰম্পৰাগত ভাৱে প্ৰতিবছৰে চলি আহিছে শ্ৰী শ্ৰী মাঁ বিষহৰি পূজা(Boko News)।

আজিৰে পৰা আৰাম্ভ ডেকাপাৰা ৰাভা জনজাতি সমাজৰ শ্ৰী শ্ৰী মাঁ বিষহৰি মাৰৈ পুজা। তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্য্যসুচীৰে আৰম্ভ কৰিছে এই বাৰ্ষিক পূজা।

আজি পূজাৰ প্ৰথমটো দিন। ভক্তৰ লানি নিচিগা সোঁত । বিভিন্ন ঠাইৰ পৰা অহা হয় ভক্ত।

ৰাভা জনজাতি সমাজৰ সভাপতি গুনিন্দ্ৰ ৰাভা, সম্পাদক নয়ন ৰাভা কখাধক্ষ্য গিৰীন্দ্ৰ ৰাভা আৰু গাওঁ প্ৰধান অজিত ৰাভাৰ লগতে সমিতিৰ বিষয় ববীয়াই জনায় যে আজি পূজাৰ প্ৰথম দিনাৰ কাৰ্য্যসুচীত ৰাতিপুৱা পতাকা উত্তোলন,তোৰণ মুকলি, থলীঘৰ মুকলি,মণিকুট দ্বাৰ মুকলি, স্মৃতি তৰ্পন, গছপুলি ৰপোন, নাম কীৰ্তন, ৰাইজ দেওধ্বনী আৰু ওজাপালিৰ দ্বাৰা ধৰ্মৰ ঘট বুৰণ, আৰু সাংকৃতিক সন্ধিয়াৰ অনুস্থান একক নৃত্য প্ৰতিযোগীতাৰ লগতে আমন্ত্রিত শিল্পীৰ নৃত্য পদৰ্শন।

লগতে পঢ়ক : WATCH | Aminul Islam : ‘মন্ত্ৰী অশোক সিংহলক কোনে পাইজামা কিমান ওপৰত পিন্ধে, কিয় পিন্ধে চাবলৈ মন্ত্ৰী মন্ত্ৰী বনোৱা নাই’