Local, Vocal, Global

WATCH | Boko News : সমাগত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন;নিৰ্বাচনৰ পূৰ্বে ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত চৰম উদ্ভাণ্ডালি

বকো,২২মাৰ্চ : সমাগত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত চৰম উদ্ভাণ্ডালি।

নিৰ্বাচনৰ পূৰ্বে বকোৰ ছাটাবাৰীত নিৰ্দলীয় প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ।

কামৰূপ জিলাৰ ২৮ নং উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যুৱ নেতা বিতোপন ৰাজবংশীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে। ইফালে যোৱা কালি তেওঁৰ সতীৰ্থ বৃন্দই ছাটাবাৰী গাওঁত নিৰ্বাচনী প্ৰচাৰ চলাই ঘৰমুৱা হোৱাৰ সময়ত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে। এই আক্ৰমণত দূৰ্বৃত্তৰ দলটোৱে বিতোপন ৰাজবংশী আৰু সতীৰ্থ সকলোক প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে(Boko News)।

উল্লেখ্য যে যুৱ নেতা বিতোপন ৰাজবংশীয়ে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনত ২৮ নং উত্তৰ বনগাঁও আন ৰিজাৰ্ভ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে। প্ৰকাশ্য যে নিশা তেওঁলোকক বকো আৰক্ষী আৰু জামবাৰী আৰক্ষীয়ে সুকলমে উদ্ধাৰ কৰে । ইফালে ৰাজবংশীয়ে ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

ঘটনা সন্দৰ্ভত আজি সাংবাদিকক জনায় যে ; ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদত অনা ৰাভা বা অ-জনজাতীয় লোকৰ ৰাজনৈতিক অধিকাৰ নাই নেকি ? কিয় অনা ৰাভা বা অ-জনজাতীয় লোকে প্ৰতিদ্বন্দিতা কৰিব ওলোৱাত এনেবোৰ ঘটনা সংঘটিত কৰিছে ? পৰিষদৰ সম অধিকাৰৰ নীতি মিছা প্ৰতিশ্ৰুতি নেকি এয়া ডাঙৰ প্ৰশ্ন !

লগতে পঢ়ক : WATCH | Dibrugarh News : ডিব্ৰুগড়ত উত্তৰ পূৱ খিলঞ্জীয়া মঞ্চ আৰু খিলঞ্জীয়া মঞ্চ, অসমৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন