Watch | Boko news :কলহী নৈৰ সমিপত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীৰ লগতে সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক উদ্ধাৰ
বকো: বকোৰ জামবাৰী কলহী নৈৰ সমিপত চাবদুল আলীৰ ঘৰত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীৰ লগতে সামগ্ৰী খিনি কঢ়িয়াই অনা এখন ট্ৰাক উদ্ধাৰ। এক গোপন সুত্ৰৰ পম খেদি গুৱাহাটীৰ পৰা অহা এটা আৰক্ষী দলে চাবদুল আলীৰ ঘৰত উদ্ধাৰ কৰে চুৰি সামগ্ৰী খিনি। চুৰি কৰি অনা ইলেকট্ৰনিক বিভিন্ন সামগ্ৰী খিনিৰ লগতে দুজন চোৰ আটক কৰে আৰক্ষীৰ দলটোৱে। আটক কৰা দুধৰ্ষ চোৰ দুজন ক্ৰমে মফিদুল আলী আৰু আনছেৰ আলী (বগা)। চুৰি কৰা ট্ৰাক খনৰ নম্বৰ As 01 Sc 7817
লগতে পঢ়ক : Watch | Biswanath news : বিশ্বনাথৰ সাকোমঠাত ত্ৰিৰংগা যাত্ৰা