Local, Vocal, Global

WATCH | Boko News : ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি

বকো,৩১মে’ : ৰাজ্যৰ চৌদিশে বানৰ সদৃশ পৰিৱেশ। ক্ৰমাৎ জটিল ৰূপ হৈ পৰিছে বান পৰিস্থিতি।‌

এয়া হ’ল বকোৰ দৃশ্য। নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বানৰ কবলত বকোৰ বিভিন্ন অঞ্চল। মেঘালয়ৰ পৰা নামি অহা বাঢ়নী পানীয়ে শিঙৰা নৈৰ জলস্তৰ বৃদ্ধি পোৱাত এতিয়া বিলাই বিপত্তি নোহোৱা হৈছে এইসকল লোকৰ। শিংৰা নৈৰ বাঢ়নী পানী ফেনে ফুটুকাৰে বৃদ্ধি পোৱাত বানত বুৰিল তাৰাবাৰীৰ চুবুৰীয়া অঞ্চলৰ খাটালা, চন্দ্ৰা, টুলুপাৰাকে ধৰি বহু অঞ্চল।

ইফালে, প্ৰাপ্ত খবৰ মতে, বৰষুণৰ ফলত একাংশ লোক জীৱনৰ নিৰাপদ স্থান বিচাৰি ঢাপলি মেলিছে পাহাৰলৈ। বৰষুণে খেতিপথাৰ বুৰাই পেলোৱাত পশুধনৰ খাদ্য বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে কৃষকসকলো(Boko News)।

সমান্তৰালভাৱে মেঘালয়ৰ কোবাল সোঁতে বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিংৰা শালনিৰ এছোৱা ছিগি নিয়াৰ ফলত স্তব্ধ হৈ পৰে যাতায়াত। যাৰ ফলত আৱদ্ধ হৈ পৰে এম্বুলেন্সকে ধৰি শ শ যান বাহন। সেয়ে, পিছলৈ বিকল্প পথ হিচাপে ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী জবেপাৰা পথ হৈ বৰ্তমানেও অব্যাহত আছে যান-বাহনৰ যাতায়াত।

উল্লেখ্য যে এনেদৰে নেৰানেপেৰা বৰষুণ হৈ থাকিলে যে আৰু অধিক জটিল ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত।

লগতে পঢ়ক : WATCH | Goalpara News : অব্যাহত আছে বিজেপি নেতা ড° কাশ্যপ প্ৰকাশ আৰু বিধায়ক এ কে ৰছিদ আলমৰ বাক যুদ্ধ