WATCH | Boko News :’মহিলাৰ শ্লীলতাৰ হানি কৰিব দিলেহে ধন পাব অৰুণোদয় আঁচনিৰ’
বকো,২৫মে: মহিলাৰ শ্লীলতাৰ হানি কৰিব দিলেহে ধন পাব অৰুণোদয় আঁচনিৰ’। ‘অবৈধ সম্পৰ্ক গঢ়িব দিলেহে অৰুণোদয় আঁচনি দিব বিজেপিৰ বুথ সভাপতিয়ে ‘।বিজেপিৰ মৈৰাচ’ৰা গাৱঁৰ বুথ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ মহিলাৰ। এই অভিযোগ বকোৰ মৈৰাচ’ৰাৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত দৰিদ্ৰ পৰিয়ালয়ৰ মহিলাৰ।
ৰাজ্যত শাসনাধীন চৰকাৰৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতি ধোৱা চাঙত।অৰুনোদয়ৰ ধন আদায় দিয়াৰ নামত চৌদিশে চলিছে কেলেংকাৰী । যিটো সময়ত অসম চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱা বুলি জাহিৰ কৰে তেনে সময়ত দেখা গৈছে এটাৰ পিছত আনটো দুৰ্নীতিৰ অভিযোগ(Boko News)।
সম্প্ৰতি ৰাজ্যত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰকাশৰ পিছতে উত্থাপন হৈছে ভিন্ন ঠাইত এটাই অভিযোগ যে অৰুনোদয় নাপালে প্ৰকৃত পাৱ লগাই, তাৰ বিপৰীতে পালে গাড়ী মটৰ, ভাল ঘৰ থকাই।
আন এক ডাঙৰ অভিযোগ! বকোৰ মৈৰাচ’ৰাত উত্থাপন হ’ল বিজে পিৰ মৈৰাচ’ৰা গাওঁৰ বুথ সভাপতি পূৰ্য্য বড়োৰৰ বিৰুদ্ধে এগৰাকী মহিলাৰ শ্লীলতা হানি কৰিব দিলেহে অৰুণোদয়ৰ ধন পাৱ বুলি ভাবুকি বিজে পিৰ মৈৰাচ’ৰা গাওঁৰ বুথ সভাপতি পূৰ্য্য বড়োৰৰ
। মহিলা গৰাকীক অবৈধ সম্পৰ্ক কৰিব দিলেহে অৰুণোদয়ৰ ধন দিয়াৰ আশ্বাস দিয়ে। লগতে অভিযোগ উত্থাপন হৈছে যে অৰুণোদয়ৰ প্ৰ পত্ৰ পুৰণৰ নামত ৫০০ শৰ পৰা হাজাৰ টকাকৈ লাগে। বহু মহিলাৰ নাম কৰ্তন কৰাৰ অভিযোগ কৰে মৈৰাচ’ৰাৰ বহু পৰিয়ালে।
চৰকাৰে এনেবোৰ দুৰ্নীতি নিৰ্মূল কৰণ কৰিব পাৰিব নে? নে চৰকাৰৰ দ’লৰ কৰ্মী হিচাপে ধুকি নাপাব তেওলোকক, সেয়াহে হ’ব লক্ষণীয়। আজি ভূক্তভোগীয়ে সাংবাদিকৰ জৰিয়তে মুখ্যমন্ত্ৰীক বিষয়টোৰ ওপৰত গুৰুত্ব দিৱলৈ অনুৰোধ জনাইছে।
লগতে পঢ়ক : WATCH | Tragic incident : তীব্ৰবেগী বাহনৰ খুন্দাত নিহত চালক