WATCH | Boko News : বকোৰ ৩৩ নং পূৱ বেকেলী গাওঁ পঞ্চায়তৰ প্রার্থী থুলেশ্বৰ বড়োৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
বকো,২৮এপ্ৰিল : বকোৰ ৩৩ নং পূৱ বেকেলী গাওঁ পঞ্চায়তৰ নোৱাপাৰত আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্রার্থী থুলেশ্বৰ বড়োৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। মুকলি কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই।
ৰজ্যৰ চৌদিশে বলিছে পঞ্চায়তৰ নিৰ্বাচনী বতাহ। গাঁৱে-ভূঞে-নগৰে-চহৰে চলিছে নিৰ্বাচনী প্ৰচাৰ। তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ।
অহা ৭ মে’ত পঞ্চায়ত নিৰ্বাচন হ’বলগীয়া বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৩৩ নং পূৱ বেকেলী গাওঁ পঞ্চায়ততো চলিছে নিৰ্বাচনী গৰম বতাহ। ৩৩ নং পূৱ বেকেলী গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ভাৰতীয় জনতা পার্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী থুলেশ্বৰ বড়োৰ আজি নোৱাপাৰত আনুষ্ঠানিক ভাৱে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়(Boko News)।
মুকলি কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত কাৰ্য্যবাহী সদস্য সুমিত ৰাভাই। লগতে এই কাৰ্য্যালয় মুকলিৰ কাৰ্য্যসূচীত সহযোগ আগবঢ়াই ভাৰতীয় জনতা পার্টিৰ ছমৰীয়া সত্ৰ মণ্ডলৰ সভানেত্ৰী জস্না দাস আৰু ছমৰীয়া সত্ৰ মণ্ডলৰ সমূহ কাৰ্য্য কৰ্তাই। সভা খনত গাওঁ খনৰ প্ৰায় শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। সভাত থুলেশ্বৰ বড়োৰ লগতে ভাৰতীয় জনতা পার্টিৰ সমূহ ৱাৰ্ডৰ পাৰ্থী সকলৰ সমৰ্থনত ভোটদান কৰাৰ সংকল্প গ্ৰহণ কৰে আৰু পদুম ফুলৰ ছবিত ভোটদান কৰি থুলেশ্বৰ বড়োক জয়ী কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মনোনীত সদস্য তথা যুৱ নেতা সুমিত গাওঁ খনৰ উন্নয়ণ আৰু বিকাশৰ বাবে থুলেশ্বৰ বড়োক ভোটদান কৰাৰ আহ্বান জনায়।
লগতে পঢ়ক : WATCH | Dibrughar News : ডিব্ৰুগড় জিলা অগপৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী