WATCH | Boko News : বকোৰ দিলিঙ্গাত মা কালী মন্দিৰ আশ্ৰীত গঞা ৰাইজৰ উদ্যোগত ” পদুলি শুৱনি আঁচনি” শুভাৰম্ভ
বকো,২২এপ্ৰিল : এই খন আমাৰ গাওঁ; আমাৰ গাওঁ আদৰ্শ গাঁও” শীৰ্ষক শ্লোগান প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আজি কামৰূপ জিলাৰ বকোৰ দিলিঙাত শুভাৰম্ভ কৰে ” পদুলি শুৱনি আঁচনি।
উল্লেখ্য যে, দিলিঙ্গাৰ শ্ৰী শ্ৰী মা কালী মন্দিৰ আশ্ৰীত গঞা ৰাইজৰ উদ্যোগত আজি আয়োজন কৰে মন্দিৰৰ মূল তোৰণ শুভ উদ্ঘাটন কাৰ্য্যসূচী। মন্দিৰৰ মুল প্ৰবেশ পথত নৱ নিৰ্মিত মূল তোৰণ খন আনুষ্ঠানিক ভাৱে উদ্ঘাটন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য তথা জনহিতৈষী সন্মান বঁটা প্ৰাপক নগৰমল স্বৰ্গীয়াৰীয়ে(Boko News)।
ইফালে মা কালী মন্দিৰ আশ্ৰীত গঞা ৰাইজৰ সেৱক তথা কৃতি শিক্ষক অমিয় কুমাৰ ৰয়ে আত ধৰা অনুস্থানত মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি কমলেশ্বৰ দাস আৰু সম্পাদক নয়ন মণি কলিতাৰ উপৰিও গাওঁ খনৰ পুৰুষ মহিলাই সহযোগ আগবঢ়াই।
লগতে পঢ়ক : WATCH | Kaliabor News : জখলাবন্ধা মিলন সংঘৰ ব ‘হাগী উৎসৱৰ মঞ্চত ঢোলৰ ওজা সোমনাথ বৰাৰ বিহু পৰিৱেশন