WATCH | Boko News : পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ শাসক-বিৰোধী
বকো,২১এপ্ৰিল : বকোৰ ভালুকঘাটাত আগন্তুক পঞ্চায়ত নিৰ্বাচন ২৮ নং উত্তৰ বকো গাঁও পঞ্চায়তৰ ৭ নং দক্ষিণ ঢেকীয়াবড়ী ৱাৰ্ড সদস্য পদৰ নিৰ্দলীয় প্রার্থী দুলাল কুমাৰ ৰাণাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমৰ্থন দিছে দুলাল কুমাৰ ৰাণাক। সম অধিকাৰ,সম উন্নয়ণ আৰু সম বিকাশৰ স্বাৰ্থত আগন্তুক ৭ মে’ ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন ।
এই লৈ সমগ্ৰ পঞ্চায়ত এলেকাবৰত বলিছে নিৰ্বাচনী গৰম বতাহ। পঞ্চায়তৰ ৱাৰ্ডে ৱাৰ্ডে চলাইছে নিৰ্বাচনী প্ৰচাৰ(Boko News)।
২৮ নং উত্তৰ বকো গাঁও পঞ্চায়তৰ ৭ নং দক্ষিণ ঢেকীয়াবড়ী ৱাৰ্ড সদস্য পদৰ ৰাইজৰ দ্বাৰা মনোনীত নিৰ্দলীয় প্রার্থী দুলাল কুমাৰ ৰাণাৰ আজি ভালুকঘাটাত মুকলি কৰে নিৰ্বাচনী কাৰ্যালয়।
ৱাৰ্ড এলেকাৰ ভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমৰ্থন জনোৱা দুলাল কুমাৰ ৰাণাৰ নিৰ্বাচনী কাৰ্য্যালয়টো আনুস্থানিক ভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত পাৰিষদ সুমিত ৰাভাই আৰু লগতে উপস্থিত থাকি সহযোগ কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে।
এই কাৰ্য্যালয় মুকলি কাৰ্য্যসুচীত শতাধিক লোকে অংশগ্ৰহণ কৰি নিৰ্দলীয় প্রার্থী দুলাল কুমাৰ ৰাণাক সমৰ্থন জনায়।
লগতে পঢ়ক : WATCH | Road Accident : ৰাজ্য়ত পুনৰ ডাম্পাৰৰ দৌৰাত্ম্য;ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত গৃহৰক্ষী জোৱান