Local, Vocal, Global

WATCH | Boko News: হেকেৰা হৈ নগৰবেৰালৈ যোৱা গড়কাপ্তানী পথৰ আধাৰশিলা কৰে সাংসদ বিজুলী কলিতা মেধিয়ে

বকো,৮মাৰ্চ : বকোৰ চুকুণীয়াপাৰাৰ পৰা হেকেৰা হৈ নগৰবেৰালৈ যোৱা গড়কাপ্তানী পথৰ আধাৰশিলা স্থাপন গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিৰ।

অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আচঁনিৰ জৰিয়তে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা বকোৰ এটা অতি গুৰুত্বপূৰ্ণ পথৰ আজি আধাৰশিলা স্থাপন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে।

উল্লেখ্য যে, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন চুকুণীয়াপাৰাৰ পৰা হেকেৰা হৈ নগৰবেৰালৈ যোৱা গড়কাপ্তানী পথটো অতি শোচনীয় হৈ পৰিছে। সুদীৰ্ঘ দিন ধৰি যাতায়াতকাৰীৰ যমৰ যাতনা হৈ অহা পথটোক নিৰ্মাণ কৰিবলৈ অসম লোক নিৰ্মাণ বিভাগৰ জৰিয়তে ২০২৪ /২৫ বিত্তীয় বৰ্ষত ধন ধাৰ্য্য কৰা হৈছে আৰু আজি সাংসদ বিজুলী কলিতা মেধিৰ জৰিয়তে আধাৰশিলা স্থাপন কৰে(Boko News)।

আধাৰশিলা স্থাপন অনুস্থানত দক্ষিণ কামৰূপ জিলা বি জে পিৰ সভাপতি অঞ্জন গোস্বামী ; বকো মণ্ডলৰ সভাপতি হিৰণ্য কুমাৰ নাথ, ছমৰীয়া সত্ৰ মণ্ডলৰ সভানেত্ৰী জস্না দাস, সাধাৰণ সম্পাদক গৌতম দাস, নগৰবেৰা মণ্ডলৰ সভাপতি গিৰীৰাজ টিনচিন্হা,জেষ্ঠ্য কাৰ্য্যকৰ্তা বিনোদ দত্ত শৰ্মা, ৰাজু মেছ, থিকাদাৰ কমল কুমাৰ মেধীৰ লগতে জিলা আৰু বকো মণ্ডল, ছমৰীয়া সত্ৰ মণ্ডল, নগৰবেৰা মণ্ডলৰ বহু কাৰ্য্যকৰ্তা।

লগতে পঢ়ক : WATCH | Rare Zahamal rescue: শোণিতপুৰৰ বালিপৰাত দুষ্প্ৰাপ্য প্ৰজাতিৰ জহামাল উদ্ধাৰ