WATCH | Boko Accident : বকোৰ কেম্পত ভয়ংকৰ পথ দুৰ্ঘটনা;আহত দুজন
বকো,১৯এপ্ৰিল : বকোৰ কেম্পত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু স্কডা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজন। আহত লোক দুজন কেশৱ মহন্ত (৭৫) ঘৰ বকোৰ বৰপাৰাত আৰু আনজন শামিনুল হক(৩২),ঘৰ বকোৰ বালিঝাৰত বুলি জানিব পৰা গৈছে৯Boko Accident)।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ আহত দুজনক উদ্ধাৰ কৰি বামুণী গাঁও আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়োকে উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত হোৱা বাইক খনৰ নম্বৰ ( Pulsar 150 ) AS 25 T 6875, স্কডা বাহন খনৰ নম্বৰ AS 01 FN 6514.
লগতে পঢ়ক : WATCH | Lumding News : লামডিঙত উপস্থিত সৰ্বভাৰতীয় ৰে ‘লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান মনোজ যাদৱ