Local, Vocal, Global

WATCH | Bokajan News : অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক শাৰীৰিকভাৱে অপদস্থ কৰাৰ প্ৰতিবাদত উত্তাল বোকাজান

বোকাজান,২৫মাৰ্চ : অসম বিধান সভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনক শাৰীৰিকভাৱে অপদস্থ কৰাৰ প্ৰতিবাদত উত্তাল বোকাজান ।

বিধান সভাৰ মজিয়াত কালি কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই শাৰীৰিকভাবে অপদস্থ কৰিছিল উপাধ্যক্ষ ডাঃ নোমল মমিনক।

ৰাজ্যিক বিজেপিৰ জনজাতি মৰ্চাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে বোকাজানটো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ কৰ্মীসকলে(Bokajan News)।

নুৰুল হুদা গ’ বেক, নুৰুল হুদাৰ বিধায়ক পদ খাৰিজ কৰক, নুৰুল হুদাক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

নুৰুল হুদাৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী তুলি অসম বিধান সভাৰ অধ্যক্ষলৈ বোকাজানৰ অতিৰিক্ত জিলা আয়ুক্তৰ জৰিয়তে বি জে পি’ৰ জনজাতি মৰ্চাৰ হৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লগতে পঢ়ক : WATCH | Panchayat Election 2025: পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত আৰু দিন ঘোষণাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ